উত্তৰ অভয়াপুৰী, 11জুলাইঃ বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিত সৰকাৰে দেখুৱালে মহানুভৱতা । বৰঘোলাৰ বালাৰচৰত হোম কোৰোৱাইন্টাইন হৈ থকা এটা দৰিদ্ৰ পৰিয়াল এটাই সহায়ৰ বাবে আহ্বান জনোৱাত ইতিমধ্যে পৰিয়ালটোৰ মাজত থিয় দিয়ে আৰক্ষী বিষয়া সুৰজিত সৰকাৰ ৷
বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত হোম কোৱাৰেণ্টাইন হৈ থকা দৰিদ্ৰ পৰিয়ালটোৰ এতিয়া খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে দৰিদ্ৰ পৰিয়ালটোৱে ২ দিন ধৰি অনাহাৰে থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ দৰিদ্ৰ পৰিয়ালটো উপায়ন্তৰ হৈ গাঁওৰক্ষী বাহিনীৰ সম্পাদক আমজাদ আলীক খোৱা খাদ্য সামগ্ৰীৰ সংকটৰ কথা অৱগত কৰে ৷ ইতিমধ্যে আমজাদ আলীয়ে কোৱাৰেন্টাইন হৈ থকা দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ বাবে বৰঘোলা আৰক্ষী বিষয়া সুৰজিত সৰকাৰক অৱগত কৰে ।
ইতিমধ্যে শনিবাৰে এই দৰিদ্ৰ পৰিয়ালটোক আৰক্ষী বিষয়া সুৰজিত সৰকাৰে ১০ দিনৰ চাউল,দাইল,আলু মিঠা তেল,বিস্কুট আদি যোগান ধৰে। আৰক্ষী বিষয়া জনৰ এনে কাৰ্যক সকলো ৰাইজে প্ৰশংসা কৰিছে ।
লগতে পঢ়ক- চিৰাঙত বানাক্ৰান্তৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই