বঙাইগাঁও,8 ফেব্ৰুৱাৰী: আপুনি বাৰু অনলাইন শ্ব'পিং কৰে নেকি ? কিন্তু অনলাইন শ্ব'পিং কৰোঁতে সাৱধান হওঁক ৷ কিয়নো প্ৰৱঞ্চকৰ চিকাৰ হ'ব পাৰে আপুনি ৷ কাৰণ এইবাৰ অনলাইন শ্ব'পিং চাইট ফ্লিপকাৰ্টত কেমেৰা অৰ্ডাৰ দি ৰামঠগন খালে বঙাইগাঁৱৰ অভয়াপুৰীৰ এজন যুৱকে ৷
জানিব পৰা মতে, কিছুদিনপূৰ্বে অভয়াপুৰীৰ ৰাহুল কলিতা নামৰ যুৱকজনে ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰ দিছিল ১৯৮০ টকা মূল্যৰ এটা কেমেৰা ৷ কিন্তু যুৱকজনৰ অৰ্ডাৰত কেমেৰাৰ সলনি পেকেটৰ ভিতৰত আহিল দুটা মাটিৰ টুকুৰা ৷ এয়াক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত ৷