বঙাইগাঁও,১৮ ফ্ৰেব্ৰুৱাৰী: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গোলাপাৰা তৃতীয় খণ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা(fire break out in Bongaigaon) । সুৰ্যভানু নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ এই ঘটনাটো । এটা বাসগৃহসহ প্ৰায় তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ডত(House burnt in massive fire break) । বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে(Massive fire break out) ।
জুইৰ লেলিহান শিখাই মুহুৰ্ততে আঁৱৰি ধৰে বাসগৃহটো । লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাসগৃহটোৰ অধিকাংশই জুইত জাহ যায় । স্থানীয় ৰাইজৰ অভিযোগ যে নিচেই কাষতে থকা কলগাছিয়া, সৰভোগ আৰু মাণিকপুৰত যদি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী থাকিলে হেঁতেন, হয়তো ক্ষয় ক্ষতিৰ পৰিমান ইমান বৃদ্ধি নাপালে হেঁতেন(Fire incident at Golapara in Bongaigaon) ।
বঙাইগাঁও বা বিজনীৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহোতে প্ৰায় এঘন্টা সময় লাগে আৰু গাঁৱৰ বাট পথৰ অৱস্থা শোচনীয় হোৱাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি পোৱাত অধিক সময়ৰ প্ৰয়োজন হয় । মাণিকপুৰৰ পৰা গোলাপাৰাৰ দূৰত্ব প্ৰায় ১০ কিলোমিটাৰ । মাণিকপুৰত যদি অগ্নিনিৰ্বাপক বাহিনীৰ বাহন থাকিলে হেঁতেন হয়তো দ্ৰুতগতিত জুই নিৰ্বাপন কৰিব পাৰিলে হেঁতেন ।
আনহাতে অভয়াপুৰী ওচৰতে হয় যদিও বৰঘোলা মানাহ নদীৰ ওপৰত চলি থকা দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে যোগাযোগ বিছিন্ন হৈ আছে । মাণিকপুৰক চৰকাৰে মহকুমা হিচাপে ঘোষণা কৰিলে যদিও আজিলৈ পূৰ্ণাংগ ৰূপত গঢ় নিদিলে । যাৰ পৰিপ্ৰেক্ষিতত আজিও বহু জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত অঞ্চলটোৰ ৰাইজ । মাণিকপুৰত অতি শীঘ্ৰে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৰখাৰ ব্যৱস্থা কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰে ।
উল্লেখ্য যে অগ্নিকাণ্ডটোৰ ফলত বিধৱা মহিলা সূৰ্যভানুৰ সকলো জৰুৰী নথিপত্ৰ, কাপোৰ, আচবাব, ফাৰ্ণিচাৰকে আদি কৰি প্ৰায় সকলো সামগ্ৰী জুইত জাহ যায় । তাৰোপৰি এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটো এতিয়া দিশহাৰা হৈ পৰিছে । অগ্নিকাণ্ডত সকলো ভস্মীভূত হৈ সৰ্বশান্ত হোৱা বিধৱা মহিলাগৰাকীক এককালীন সাহাৰ্য্য প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাই স্থানীয় ৰাইজে ।