বঙাইগাঁও,27মাৰ্চ: দৰিদ্ৰতাৰ কি কৰুণ পৰিহাস! দৰিদ্ৰতাৰ বোজা সহিব নোৱাৰি কণমানি পুত্ৰক হত্যা কৰি পিতৃয়ে গ্ৰহণ কৰিলে আত্মহত্যাৰ পথ ৷ এই ঘটনা বঙাইগাঁৱৰ বইটামাৰীৰ বাজিপাৰাৰ ৷
দিন হাজিৰা কৰা হৰিদেৱ অধিকাৰীয়ে দীৰ্ঘদিন ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে দৰিদ্ৰতাৰ বোজা ল'ব নোৱাৰি এই ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। পাচত বুধবাৰে দিনত অভয়াপুৰী আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।