বঙাইগাঁও, 4 নৱেম্বৰ : বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্ত্তনপাৰাত নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । নিজ সন্তান বিক্ৰীৰ অভিযোগত ৰাইজৰ ৰোষত পৰি গ্ৰেপ্তাৰ হ’ল পিতৃ সন্তোষ আৰ্য ।
বালাৰচৰ গাঁৱৰ বাসিন্দা সন্তোষ আৰ্যই এমাহত নিজৰ চাৰিটাকৈ সন্তান বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে । সন্তোষ আৰ্যই মাকৰ বুকু খালি কৰি মাত্ৰ ডেৰ মাহৰ দেৱশিশুক বিক্ৰী কৰাৰ পিছত মাকে ৰাইজক ঘটনা সংক্ৰান্তত অৱগত কৰে ৷
পত্নীৰ অভিযোগৰ পাছত স্থানীয় ৰাইজ সন্তোষ আৰ্যক আটক কৰে ৷ ইয়াৰ পাছতেই বৰঘোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰ্যক গ্ৰেপ্তাৰ কৰে । ইফালে সন্তোষ আৰ্যই এই অভিযোগ নাকচ কৰে । দুখীয়া আৰু ৰুগীয়া মাকৰ ভালৰ বাবেহে সন্তান চাৰিটাক পোহপাল কৰিবলৈ দিছে বুলি সন্তোষ আৰ্যই আৰক্ষীৰ আগত সদৰি কৰে ৷
লগতে পঢ়ক : কালী পূজা উপলক্ষে জোনাইৰ মন্দিৰসমূহত ভক্তৰ ভিৰ