ETV Bharat / state

Manikpur football turnament: মাণিকপুৰত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল ডেকাৰবড়ী ক্ৰীড়া সন্থাৰ - ডেকাৰবড়ী ক্ৰীড়া সন্থা

মৌখোৱা চানেকি সংঘৰ সৌজন্যত অনুষ্ঠিত ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খিতাপ দখল ডেকাৰবড়ী ক্ৰীড়া সন্থাৰ(Football turnament at Manikpur) ৷ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ডেকাৰবড়ী ক্ৰীড়া সন্থাৰ শুকৰ সিঙে আৰু শ্ৰেষ্ঠ গ’লদাতাৰ সন্মান লাভ কৰে ৰণদ্বীপ বড়োৱে ৷

Prize money football tournament
ডেকাৰবড়ী ক্ৰীড়া সন্থা
author img

By

Published : Oct 19, 2022, 11:44 AM IST

মাণিকপুৰ, 19 অক্টোবৰ : বঙাইগাঁও জিলাৰ মৌখোৱা চানেকি সংঘৰ সৌজন্যত দাতা ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত মঙলবাৰে অনুষ্ঠিত হয় ৷ চূড়ান্ত খেলখনত ডেকাৰবড়ী ক্ৰীড়া সন্থাই বল্লমগুৰী এফ চি ক্লাৱক ৫-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে ৷

মাণিকপুৰত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

উল্লেখযোগ্য যে, ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাখন । এই ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৬ টা দলে অংশগ্ৰহণ কৰিছিল(Prize money football tournament) । ফুটবল খেলৰ লগত সংগতি ৰাখি মাণিকপুৰ অঞ্চলৰ প্ৰবীণ ফুটবল খেলুৱৈ সত্যেশ্বৰ পাঠকক সম্বৰ্ধনা জনোৱা হয় ।

ফকৰুদ্দিন আলি আহমেদ আৰু ছাহাবুদ্দিন আলী আহমেদ সোঁৱৰণী প্ৰাইজমানী ও ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত বিশিষ্ট অতিথি উপস্থিত থাকে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ(North Abhayapuri MLA Abdul Batin Khandakar) । প্ৰতিযোগিতাখনৰ বিজয়ী দল ডেকাৰবড়ী ক্ৰীড়া সন্থাক ট্ৰফী ও ১৫.০০০ হাজাৰ টকা মাননিৰ চেক প্ৰদান কৰে ফকৰুদ্দিন আলি আহমেদে ৷ আনহাতে বিজিত দলক ট্ৰফি ও ১০,০০০ হাজাৰ টকাৰ মাননি চেক প্ৰদান কৰে মৰহুম ছাহাবুদ্দিন আলী আহমেদৰ পুত্ৰ মজিবৰ ৰহমানে ।

প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ডেকাৰবড়ী ক্ৰীড়া সন্থাৰ শুকৰ সিঙে আৰু শ্ৰেষ্ঠ গ’লদাতাৰ সন্মান লাভ কৰে ৰণদ্বীপ বড়োৱে ৷ আনহাতে দলটোৰ প্ৰত্যেকজন খেলুৱৈক মেডেল প্ৰদান কৰা হয় । চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ আগমুহূৰ্তত আমন্ত্ৰিত অতিথিৰ লগতে খেল পৰিচালক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

আনহাতে মৌখোৱা চানেকি সংঘৰ এই পদক্ষেপৰ শলাগ লয় ফুটবল প্ৰতিযোগিতাখনত উপস্থিত সকলোৱে ৷ মৌখোৱা চানেকি সংঘৰ এই পদক্ষেপ অঞ্চলটোৰ নৱ প্ৰজন্মৰ খেলৰ প্ৰতি আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰে প্ৰতিযোগিতাত উপস্থিত সকলোৱে ৷ তেওঁলোকে স্থানীয় বিধায়কেও পৰৱৰ্তী সময়ত প্ৰতিযোগিতাখন আয়োজনত সহায় কৰিব বুলি আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক: Martial Arts Championship: ৰাষ্ট্ৰীয় টং ইল মুডো মাৰ্চিয়েল আৰ্ট চেম্পিয়নশ্বিপত দ্বিতীয় স্থানত অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.