ETV Bharat / state

অভয়াপুৰীৰ আই নদীৰ সংহাৰী ৰূপ : 30 টা পৰিয়ালৰ ভেটি মাটি উছন - বিধানসভা

চলিত বাৰিষাতে কাছাৰেপেতি অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰৰ ভেঁটি গৰাখহনীয়াত উছন যোৱাতো নিশ্চিত হৈ পৰিছে ।

Erosion in Bongaigaon Abhayapuri
অভয়াপুৰীৰ আই নদীৰ সংহাৰী ৰূপ : 30 টা পৰিয়ালৰ ভেটি মাটি উছন
author img

By

Published : Jul 13, 2020, 12:36 PM IST

অভয়াপুৰী, 13 জুলাই : বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ উত্তৰ বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা আই নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে বহুসংখ্যক গাঁও । গৰাখহনীয়াত গৃহহাৰা হৈছে ৩০ টাৰো অধিক পৰিয়াল । বানপানীয়ে প্লাবিত কৰিছে কাছেৰীপেটী, আমবাড়ি, বাৰেগড় আদি গাঁও । আশ্ৰয়ৰ বাবে ওখ ঠাই বিছাৰি হাবাথুৰি খাইছে ক্ষতিগ্ৰস্ত লোকসকলে ।

জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ধৰণৰ সাহাৰ্যৰ ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে বন্যাৰ্ত লোকে । খাদ্য সংকট ভুগিবলগীয়া হৈছে পশুধনৰ লগতে বন্যাৰ্তসকলে । বিধায়ক আব্দুল হাই নাগাৰীয়ে বন্যাৰ্ত সকলৰ মাজত উপস্থিত হৈ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় যদিও গৰাখহনীয়া ৰোধৰ বাবে মাত্ৰ কেইডালমান গছৰ ডাল পেলাবলৈ দি নিজৰ দায়িত্ব সমাৰ্পন কৰে ৷

অভয়াপুৰীৰ আই নদীৰ সংহাৰী ৰূপ : 30 টা পৰিয়ালৰ ভেটি মাটি উছন

উল্লেখ্য যে, চলিত বাৰিষাতে কাছাৰেপেতি অঞ্চলৰ শতাধিক পৰিয়ালৰ ঘৰৰ ভেটি গৰাখহনীয়াত উছন যোৱাতো নিশ্চিত হৈ পৰিছে । ইপিনে খহনীয়া এনেদৰে অব্যাহত থাকিলে কাছাৰপেটি আমবাৰী সংযোগী পথ হিচাপে চিহ্নিত মথাউৰীটোৰ এটা বৃহৎ অংশ নৈখনে গ্ৰাস কৰিব ।

লগতে পঢ়ক : বিগত এমাহে বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.