ETV Bharat / state

ক'ত হেৰাল কুমুদঃ অস্বস্তিত বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ - বঙাইগাঁও অসামৰিক চিকিৎসালয়

বঙাইগাঁৱত পাঁচজন Covid 19 ত আক্ৰান্ত ৰোগী চিনাক্তকৰণৰ পিচত জিলা স্বাস্থ্য বিভাগত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷ কুমুদ নামৰ এজন লোকক বিচাৰি অব্যাহত আছে স্বাস্থ্য বিভাগৰ অভিযান ৷ কিছুদিন পূৰ্বে কুমুদ নামৰ লোকজনে চিকিৎসা সংক্ৰান্তত গৈছিল বঙাইগাঁৱলৈ ৷

District administration searched a man bongaigaon etv bharat news
কুমুদৰ সন্ধানত প্ৰশাসন
author img

By

Published : May 7, 2020, 7:51 PM IST

বঙাইগাঁও,7 মে’ঃ বঙাইগাঁৱৰ স্বাস্থ্য বিভাগৰ নিদ্ৰা হৰণ কৰিছে এজন লোকে ৷ জিলাখনত Covid 19 ত আক্ৰান্ত 5 জন লোক চিনাক্ত হোৱাৰ পিছত স্থানীয় স্বাস্থ্য বিভাগে সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰটি এৰা নাই ৷ কিন্তু সম্প্ৰতি জিলাখনৰ কুমুদ নামৰ এজন লোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে প্ৰশাসনৰ উপৰিও স্বাস্থ্য বিভাগে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বিগত কিছুদিনপূৰ্বে কুমুদ নামৰ এজন লোকে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰিছিল ৷ ব্যক্তিজনৰ সাধাৰণ চৰ্দি, কাহ হোৱাৰ বাবে কৰা স্বাস্থ্য পৰীক্ষাত কিছু বিসংগতি ধৰা পৰাৰ কথা প্ৰকাশ পায় ৷ ইয়াক লৈ অধিক সষ্টম হৈ পৰিছে জিলা প্ৰশাসন আৰু স্থানীয় স্বাস্থ্য বিভাগ ৷ ইতিমধ্যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে একে নামৰ অন্য চাৰিজন লোকক মাতি আনি সোধ-পোচ কৰে যদিও প্ৰকৃত লোকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই ৷

কুমুদৰ সন্ধানত প্ৰশাসন

আনহাতে, কুমুদ নামৰ সন্ধানহীন ব্যক্তি গৰাকীৰ পৰা কৰ’ণা ভাইৰাছ সংক্ৰমণৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে ৷ লগতে ব্যক্তি গৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷

লগতে চাওকঃ কোৱাৰেন্টাইনত সুখী হৈ অনুদান আগবঢ়ালে এটা পৰিয়ালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.