ETV Bharat / state

মাণিকপুৰৰ এটা দুৰ্ভগীয়া পৰিয়াল - Financial need of Manikpur family

অমানিশা নামি আহিছে মাণিকপুৰৰ এটা পৰিয়ালৰ মাজলৈ । তিনিজনীয়া পৰিয়ালটোৰ দুগৰাকীয়ে আক্ৰান্ত হৈছে জটিল ৰোগত (Manikpur helpless family)। উপাৰ্জনৰ সকলো আহিলা বন্ধ । চিকিৎসাৰ বাবে নাই টকা । ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ।

Manikpur poor family
মাণিকপুৰৰ এটা দুৰ্ভগীয়া পৰিয়াল
author img

By

Published : Aug 31, 2022, 12:53 PM IST

মাণিকপুৰ,৩১ আগষ্ট : বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত ১ নং পালেংবাৰীৰ এটা দুৰ্ভগীয়া পৰিয়াল (Crisis of Manikpur family)। তিনিজনীয়া পৰিয়ালটোৰ দুগৰাকী সদস্যই আক্ৰান্ত জটিল ৰোগত । আৰ্থিক সংকটত দুৰ্ভগীয়া পৰিয়ালটো ।

প্ৰথমে জটিল ৰোগত আক্ৰান্ত হৈছিল ঘৰৰ মুৰব্বী নিৰোদ ৰায় । ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল তেওঁ । কিন্তু ঘৰৰ মুৰব্বীজন এনেদৰে ৰোগাক্ৰান্ত হোৱাৰ লগে লগে পত্নী আৰু ৪ বছৰীয়া কন্যাৰ জীৱনলৈ যেন অমানিশা নামি আহিল । উপায়বিহীন হৈ পত্নীয়ে পৰিয়ালটোৰ দায়িত্ব ল'লে ।

স্বামীৰ চিকিৎসাৰ লগতে ঘৰখন চলোৱাৰ বাবে দিনে নিশাই কষ্ট কৰিবলৈ আৰম্ভ কৰিলে পত্নী অলকা ৰায়ে । কিন্তু শেহতীয়াকৈ অলকাও জটিল ৰোগত আক্ৰান্ত হৈছে । যাৰ বাবে পৰিয়ালটো এতিয়া তীব্ৰ সংকটত পৰিছে । চিকিৎসাৰ নামত ঘৰৰ প্ৰায়বোৰ সা-সম্পত্তিয়ে ইতিমধ্যে তেওঁলোকে বিক্ৰী কৰিছে (Manikpur poor family)।

মাণিকপুৰৰ এটা দুৰ্ভগীয়া পৰিয়াল

বঙাইগাঁও আৰু গুৱাহাটীত চিকিৎসা কৰিছে যদিও কোনো ধৰণৰ সুফল পোৱা নাই । নিৰোদ এতিয়া শয্যাশায়ী, পত্নীও ৰোগাক্ৰান্ত । এনে অৱস্থাত দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া সহায়ৰ প্ৰয়োজন ।

চুবুৰীয়াসকলে কিছু পৰিমাণে সহায়-সহযোগ কৰিছে যদিও সেয়া যথেষ্ট নহয় পৰিয়ালটোৰ বাবে । উন্নত চিকিৎসাৰ বাবে নিৰোদৰ পৰিয়ালটোক আৰ্থিক সাহায্যৰ প্ৰয়োজন । সেয়ে চৰকাৰ তথা দল-সংগঠনক পৰিয়ালটোৱে আহ্বান জনাইছে যাতে তেওঁলোকক সহায়ৰ হাত আগবঢ়াই (Financial need of Manikpur family)।

নিৰোদৰ পত্নী অৰ্থাৎ অলকা ৰায়ৰ ষ্টেট বেংকৰ সৰভোগ শাখাত থকা একাউন্টত কোনো হৃদয়বান ব্যক্তিয়ে সহায় কৰিব পাৰে । নাইবা 7896784775 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে ।

একাউন্টৰ নম্বৰৰ সবিশেষ -
Name - Aloka Ray
Account No - 38392784053
IFSC - SBIN0002126
Branch : Sorbhog

লগতে পঢ়ক :চৰকাৰে স্থিতি সলনি নকৰা পৰ্যন্ত ABVPয়ে কৰি যাব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.