ETV Bharat / state

CPIM protest in Bongaigaon: CPIM ৰ প্ৰতিবাদত কঁপিল বঙাইগাঁও - CPIM protest in Bongaigaon

বঙাইগাঁও জিলাৰ পাতিলাদহাৰ ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত চিপিআই এমৰ পাতিলাদহা-পালেংবাৰী আঞ্চলিক কমিটিয়ে ৰূপায়ণ কৰে এক ধৰ্মঘটৰ কাৰ্যসূচী(CPIM protests in Bongaigaon demanding fulfilment of several demands)। কেইবাটাও জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণ তথা অৰুণোদয়কে আদি কৰি বিভিন্ন আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰী CPIM ৰ কৰ্মকৰ্তাসকলে ।

CPIM protests in Bongaigaon demanding fulfilment of several demands
CPIM ৰ প্ৰতিবাদত কঁপিল বঙাইগাঁও
author img

By

Published : Feb 28, 2023, 1:45 PM IST

CPIM ৰ প্ৰতিবাদত কঁপিল বঙাইগাঁও

বঙাইগাঁও,২৮ ফ্ৰেব্ৰুৱাৰী: কেইবা দফীয়া দাবী পূৰণৰ দাবীৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাত চিপিআই এমৰ পাতিলাদহা-পালেংবাৰী আঞ্চলিক কমিটিয়ে ৰূপায়ণ কৰে ধৰ্মঘট কাৰ্যসূচী(CPIM protests in Bongaigaon demanding fulfilment of several demands) । চৰকাৰৰ অমনোযোগিতাৰ বাবে দীৰ্ঘদিন ধৰি বৃহত্তৰ পাতিলাদহা অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী অতি ব্যস্ততাপূৰ্ণ পাতিলাদহা পানবাৰী PWD পথটো ভাগি-ছিঙি জৰাজীৰ্ণ হৈ যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে ।

পাতিলাদহা ৰে'লপথৰ ওপৰত এখন উৰণীয়া সেঁতু অতি প্ৰয়োজনীয় যদিও আজিলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । বাওবাৰী ৰেল পথৰ ওপৰত ৰেলগেট নথকাৰ বাবে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকল বিপদসংকুল অৱস্থাৰ মাজেৰে যাতায়ত কৰিব লগা হৈছে । পাতিলাদহা পানবাৰী PWD পথত থকা হাগুৰী কালভাৰ্টটো বিগত বছৰৰ বাৰিষাত ভাঙি যোৱাৰ ফলত এতিয়ালৈকে ইয়াক পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰাৰ বাবে যান বাহন চলাচল বন্ধ হৈ আছ ।

যাৰ ফলত ৰাইজ সন্মুখীন হৈছে এক অভাবনীয় পৰিস্থিতিৰ । মানাহ নদীৰ ওপৰত থকা ৰামপুৰ পাৰঘাটৰ (লুংঝাৰ) কাঠৰ দলংখনৰ পকীকৰণৰ কাম অতিশীঘ্ৰে আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । ইয়াৰোপৰি অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় আঁচনিৰ পৰা পাতিলাদহা, পালেংবাৰী আৰু আলুখুন্দা গাঁও পঞ্চায়তৰ মহিলাসকল তথা বিধবা, বিকলাংগ আদি হিতাধিকাৰীসকল বঞ্চিত হৈ আছে বুলি অভিযোগ উত্থাপন কৰে (Massive corruption in Arunodaya scheme) ।

কিছু সংখ্যক হিতাধিকাৰী নিৰ্বাচন কৰিছে যদিও তাতো ৰাজনীতিকৰণ কৰি বিধায়কৰ মনোনীত ব্যক্তিসকলক নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী CPIM ৰ কৰ্মকৰ্তাসকলে । আনকি চাকৰি কৰা ব্যক্তিকো অন্তৰ্ভূক্ত কৰিছে এই হিতাধিকাৰীৰ তালিকাত । গতিকে ইয়াৰ উচিত তদন্ত কৰি উপযুক্ত ব্যক্তিক নিৰ্বাচিত কৰিবলৈ দাবী জনাই CPIM ৰ কৰ্মকৰ্তাসকলে ।

ৰাজ্য চৰকাৰে ঘোষণা কৰা বসুন্ধৰা-১ আৰু বসুন্ধৰা-২ আঁচনিৰ জৰিয়তে সহজ চৰ্তত আবেদনকাৰী সকলক অতিশীঘ্ৰে মাটি নামজাৰি আৰু দখলীকৃত মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনাই মাণিকপুৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ । আনহাতে ধৰ্মঘটস্থলীত সমবেত লোকসকলে নানা ধৰণৰ শ্লোগান দি পাতিলাদহাৰ আকাশ বতাহ মুখৰিত কৰি তোলা পৰিলক্ষিত হয় । পিছে এই প্ৰতিবাদৰ পিছত জনপ্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগসমূহৰ কৰ্তৃপক্ষই কি ভুমিকা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ'ব ।

লগতে পঢ়ক: Rowta Encounter Case : এনকাউণ্টাৰত নিহতৰ মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ, পৰিয়ালৰ চিনাক্তকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.