ETV Bharat / state

বঙাইগাঁৱত চিকিৎসালয়ৰ পৰা পলায়ন কৰ'ণা ৰোগীৰ - কৰ'ণা আক্ৰান্ত ভূমিধৰ সিংহৰ পলায়ন

বঙাইগাঁও জিলাৰ বৰ্মণগাঁৱত অঘটন ৷ এম্বুলেন্সৰ পৰাই পলায়ন কৰ'ণা পজিটিভ এগৰাকী ৰোগীৰ ৷

Covid patient escape from Hospital at Bongaigaon
বঙাইগাঁৱত চিকিৎসালয়ৰ পৰা পলায়ন কৰ'ণা ৰোগীৰ
author img

By

Published : Sep 9, 2020, 10:46 PM IST

বঙাইগাঁও, 9 ছেপ্তেম্বৰ: বঙাইগাঁও জিলাৰ বৰ্মণগাঁৱত মঙলবাৰে এজন লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ভূমিধৰ সিংহ নামৰ লোকজন কৰ’ণা পজিটিভ বুলি ধৰা পৰাৰ পাচতেই স্বাস্থ্য বিভাগৰ দলে প্ৰথমে দীনদয়াল কলেজস্থিত ক’ভিড আইচ’লেচন চেন্টাৰত লৈ যায় ৷

কিন্তু ৰোগীজনৰ অত্যাচাৰৰ বাবে পুনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত উভতাই লৈ অনা হয় যদিও এম্বুলেন্সৰ পৰা নামিয়ে পলায়ন কৰে ৰোগীগৰাকীয়ে ৷ পিছত নিশাৰ ভাগত ভূমিধৰ ঘৰত উপস্থিত হোৱাত হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

বঙাইগাঁও জিলাৰ বৰ্ষণগাঁৱত অঘটন

নিশাটো তেনেকৈ কটোৱাৰ পিছত এতিয়া ভূমিধৰে জেলকাঝাৰ চক, বৰ্মণগাঁও চক আদিত মুক্ত বিচৰণ কৰি আছে ৷ আতংকিত ৰাইজে অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ আনহাতে পৰিয়ালৰ লোকে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰাৰ পিছতো পোৱা নাই কোনো সঁহাৰি । সম্প্ৰতি ভূমিধৰ সিংহই মুক্ত বিচৰণ কৰি থকাত এক আতংকময় সৃষ্টি হৈছে বৰ্মণগাঁৱত ।

লগতে চাওক-জেমিথাং সীমান্তৰ গাঁৱবাসীক আঁতৰোৱাৰ কথা ভিত্তিহীন : সেনা আৰু টাৱাং জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.