উত্তৰ অভয়াপুৰী, 3 মে’ঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ 3নং বাঁশবাৰীৰ চিআৰপিএফৰ 31নং বেটেলিয়নৰ এগৰাকী জোৱান দিল্লীত কৰ’ণাত আক্ৰান্ত হৈছে ৷ উক্ত খবৰ লাভৰ পিছত জোৱানজনৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিগত ১ মে’ত জোৱানজনৰ দেহত কৰ’ণাৰ উপস্থিতি ধৰা পৰাৰ পিছত উপযুক্ত চিকিৎসাৰ পৰা জোৱানজন বঞ্চিত হৈ থকাৰ অভিযোগ তোলে পৰিয়ালৰ লোকে । সেয়ে উপযুক্ত সুবিধাৰ লগতে চিকিৎসা প্ৰদানৰ অৰ্থে জোৱানজনৰ পত্নীয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ ওচৰত কাতৰ আহ্বান জনায় ।
লগতে চাওকঃ পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ