ETV Bharat / state

কংগ্ৰেছ মানেই দুৰ্নীতি,ভ্ৰষ্টাচাৰ,বৈষম্য,সংঘাত : মুখ্যমন্ত্ৰী সোণোৱাল

কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত মুখৰিত মুখ্যমন্ত্ৰী সোণোৱাল ৷ অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই কুমাৰ দীপক দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 20, 2019, 8:55 PM IST

অভয়াপুৰী, 20 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে অভয়াপুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী দল কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ৷ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ মানেই দুৰ্নীতি,ভ্ৰষ্টাচাৰ,বৈষম্য,সংঘাত,গোষ্ঠীগত সংঘৰ্ষ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ 1952 চনৰ পৰাই কংগ্ৰেছৰ 55 বছৰীয়া শাসনকালত একো নকৰা কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ যাৰ বাবে 2014 চনত কংগ্ৰেছক উৎখাত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক শাসনৰ গাদীত বহুৱাইছিল ৰাইজে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

ইপিনে সৰ্বানন্দ সোণোৱালে ধৰ্মৰ নামত ভোট বিচাৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰা অভিযোগ সম্পৰ্কত মত প্ৰকাশ কৰি ৰাইজে দেখিছে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছো নে নাই, কংগ্ৰেছে সদায় আমাৰ বেয়াটোহে দেখে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ আনহাতে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ দক্ষতা সন্দেহাতীত বুলি উল্লেখ কৰি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Intro:অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোনোৱালBody:Slug- অভয়াপুৰীত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সোনোৱাল। কংগ্ৰেছক তীব্ৰ সমালোচনা।
Date- 20.04.19

Voice Over- কংগ্ৰেছ মানেই দুৰ্নীতি,কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ ,কংগ্ৰেছ মানে বৈষম্য, কংগ্ৰেছ মানেই কেকটাছ- এই বক্তব্য মুখ্যমন্ত্ৰী সোনোৱালৰ । আজি ৬ নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এনেধৰণৰ বক্তব্যৰে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে ১৯৫২ চনৰ পৰাই কংগ্ৰেছৰ ৫৫ বছৰীয়া শাসনকালত কংগ্ৰেছে বিভিন্ন প্ৰলোভনেৰে ভোট আদায় কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰি আহিছে। ৰাইজে কংগ্ৰেছৰ এই প্ৰতাৰনাক বুজি উঠিছে যাৰ বাবে ২০১৪ চনত কংগ্ৰেছক উৎখাত কৰি বিজেপি নেতৃত্বাধীন NDA ক শাসনৰ গাদীত বহুৱাইছিল। ৰাইজৰ প্ৰত্যাসাৰ মূল্য আমি দিব পাৰিছো ।নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ শক্তিশালী হৈ উঠিছে আৰু সেইবাবে এইবাৰো মিত্ৰজোটৰ বিজয় নিশ্চিত বুলি তেওঁ দাবী কৰে। কংগ্ৰেছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত পৃথক পৃথক কৰি ৰাখিছিল। অসমীয়া আৰু বাংলাভাষীৰ মাজত সংঘাতময় পৰিবেশ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে বৰ্তমানে দুই উপত্যকাৰ মাজত ভেদাভেদ আতৰিছে বুলি প্ৰকাশ কৰে। এন আৰ চিৰ নামত এটা পক্ষই ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সঠিক সময়ত এন আৰ চি প্ৰকাশ পাব আৰু প্ৰতিগৰাকী ভাৰতীয় নাম এন আৰ চিত অন্তৰ্ভুক্ত হব বাবে ৰাইজক আশ্বস্ত কৰে। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ দক্ষতা সন্দেহাতীত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কুমাৰ দীপক দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায়। পাচ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত অগপৰ সভাপতি অতুল বৰা ,মন্ত্ৰী দ্বয় ক্ৰমে কেশৱ মহন্ত ,ফণী ভূষন চৌধুৰী আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থাকে।
Regards
Indranil Das
News Contributor
ETV BHARAT
Abhayapuri South
Conclusion:Visual 4
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.