ETV Bharat / state

Assam CM on love jihad : লাভ জেহাদ বন্ধ কৰিবই লাগিব:মুখ্যমন্ত্ৰী - লাভ জেহাদ বন্ধ কৰিবই লাগিব

বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ পকী দলং উদ্বোধন । দলংখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । হিন্দু-মুছলমানৰ মাজত বিবাহত বাধা নাই বুলি মন্তব্য় মুখ্যমন্ত্ৰীৰ ।

cm himanta biswa sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 27, 2023, 8:10 PM IST

মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা

বঙাইগাঁও, ২৭ জুলাই: বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই আজি বৰঘোলা কাহিবাৰী সংযোগী আই নদীৰ পকী দলংখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ৭০ কোটি ব্যায় সাপেক্ষে নিৰ্মাণ কৰা ৪৮০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই দলংখনেৰে অভয়াপুৰীৰ পৰা কলগাছিয়া হৈ গুৱাহাটীলৈ যোৱাৰ সুবিধা হ'ব । তেওঁ ৰাইজৰ বাবে দলংখন উচৰ্গা কৰা বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে চৰাঞ্চলৰ ৰাইজ উপকৃত হ'ব । এই দলঙৰ ৮ টা গাইড বান্ধে বানপানীৰ বিশাল ৰূপ বহন কৰিব পাৰিব বুলি তেওঁ মন্তব্য় কৰে ।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,"মই সদায় চিলেক্টেড মানুহৰ ঘৰতহে যাওঁ ।" ইপিনে তেওঁ লাভ জেহাদ সন্দৰ্ভত মন্তব্য় কৰি কয়," লাভ জেহাদ বন্ধ কৰিব লাগিব । ধুনীয়া মুছলিম ছোৱালীক মুছলিমসকলে বিয়া পাতক । হিন্দু বিলাকে হিন্দুক বিয়া পাতক ।" আইনী প্ৰক্ৰিয়াৰে হিন্দু-মুছলমানৰ মাজত বিবাহত বাধা নাই বুলি মন্তব্য় কৰি তেওঁ কয় যে প্ৰেম আৰু জেহাদ একে নহয় ।

উল্লেখযোগ্য যে যোৱা ২০১১ চনতে দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । ৪৪ লাখ টকা ব্যয় সাপেক্ষে দলঙৰ নিৰ্মাণৰ প্ৰায় ৮০ শতাংশ হোৱাৰ মুহুৰ্তত প্ৰলয়ংকৰী বানপানীয়ে দলংখনৰ পূব প্ৰান্তত প্ৰায় আধা কিলোমিটাৰ খহাই লৈ যোৱাৰ ফলত দলঙৰ কাম বন্ধ হৈ পৰে আৰু আধৰুৱা অৱস্থাত ৰৈ যায় । যাৰ ফলত সেই অঞ্চলৰ ৰাইজ চৰম অনিশ্চয়তাৰ মাজত সোমায় পৰে । এইক্ষেত্ৰত স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে মাটিৰ মালিকৰ লগত কেইবা লানি আলোচনা কৰি মাটিৰ সমস্যা দূৰ কৰি দলংখন পুনৰ নিৰ্মাণৰ বাবে অশেষ চেষ্টা চলায় আৰু সফলো হোৱা বুলি মন্তব্য় কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

এই দলংখন নিৰ্মাণ হোৱাৰ ফলত বৃহত্তৰ বৰঘোলা কাহিবাৰী, কীৰ্ত্তনপাৰা আদি কৰি চৰ অঞ্চলৰ বহিঃৰাজ্যৰ লগত যাতায়তৰ চলাচল সুচল হ'ব । এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, বিধায়ক আব্দুল বাতিন খন্দকাৰ আদিয়ে ।

লগতে পঢ়ক:WB Panchayat election clash: প্ৰাণ ৰক্ষাৰ বাবে গুৱাহাটীত আশ্ৰয় পশ্চিমবংগৰ অৰ্ধশতাধিক বিজেপি কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.