পূৱ বিলাসীপাৰা, ১৮ চেপ্তেম্বৰ: চাপৰত বুধবাৰে অনুষ্ঠিত হোৱা নাওখেলত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ যোগীঘোপাৰ টিলাপাৰা দলনীবিল আৰু চাপৰৰ পুঠিমাৰী ময়দান দলৰ মাজত অনুষ্ঠিত হোৱা উক্ত নাওখেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত দুই দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷
এই ঘটনাত গুৰুতৰভাৱে আহত হয় টিলাপাৰা দলনীবিল দলৰ সাতজনকৈ খেলুৱৈ ৷ ইয়াৰে মাজৰ আছাব আলী আৰু ছফিজুল ইছলামৰ অৱস্থা সংকটজনক,দুয়োজনকে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হৈছে ৷ বাকী আহতসকলক সম্প্ৰতি চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
জানিব পৰা মতে,চাপৰৰ পাটাধোৱাপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে চলিছিল এই নাওখেল প্ৰতিযোগিতা ৷ অভিযোগ মতে,পুঠিমাৰী ময়দান দলে বলপূৰ্বক জয়লাভ কৰাৰ চেষ্টা বাবে হোৱা তৰ্ক-বিতৰ্কৰ ফলত এই মাৰপিটৰ ঘটনা সংঘটিত হয় ৷