ETV Bharat / state

বিতৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'আইডল'ঃ অনিশ্চয়তাত 73,912 শিক্ষাৰ্থীৰ ভৱিষ্যৎ - কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল অৱ ইণ্ডিয়া

অনুমোদনহীন বিষয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণপত্ৰ অবৈধ হিচাপে গণ্য কৰাৰ লগতে গ্ৰহণযোগ্য নহ’ব কোনো চৰকাৰী চাকৰিৰ বাবে ৷

তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত আমিনুল হকৰ
39.6 কোটি টকা সৰকাইছিল অনুমোদনহীন বিষয়ত নামভৰ্তিৰে
author img

By

Published : Dec 2, 2019, 8:56 PM IST

গুৱাহাটী, 2 ডিচেম্বৰ: বিতৰ্কৰ সোমাই পৰিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ 'আইডল ৷' বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন নথকাকৈয়ে পাঠ্যক্ৰম অব্যাহত আছিল 21টাকৈ বিষয়ৰ ৷ এই কথা পোহৰলৈ আহিছে কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল অৱ ইণ্ডিয়া (CAG)ৰ এক প্ৰতিবেদনত ৷ এই সমীক্ষাত 2010-11ৰ পৰা 2016-17 চনলৈকে সময়চোৱাক CAGএ সামৰি লৈছে ।

73,912 গৰাকী শিক্ষাৰ্থীক লৈ হেমাহি
CAGৰ সমীক্ষাত ফাদিল ভয়াৱহ জালিয়াতি

উল্লেখ্য যে, ডিছটেন্স এডুকেশ্যন কাউন্সিল (DEC)য়ে ইংৰাজী, অসমীয়া, বাংলা, অৰ্থনীতি, বুৰঞ্জীকে ধৰি মুঠ 8টা বিষয়ৰহে পাঠ্যক্ৰমৰ অনুমতি দিছিল ৷ অনুমোদনহীন বিষয়তবোৰত মুঠ 73,912 গৰাকী শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰোৱাইছিল গুৱাহাটী বিশ্ববিদ্যালয় আইডল কৰ্তৃপক্ষই ৷ সাতবছৰে চলাই অহা এই ফাঁকিবাজিৰে অবৈধ পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীৰ পৰা আইডলে সৰকাইছিল 39.6 কোটি টকা ৷ CAGৰ মতে, অনুমোদনহীন বিষয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণপত্ৰ অবৈধ হিচাপে গণ্য কৰাৰ লগতে গ্ৰহণযোগ্য নহ’ব কোনো চৰকাৰী চাকৰিৰ বাবে ৷

2016 চনলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎৰ লগত ধেমালি কৰা সময়চোৱাত আইডলৰ সঞ্চালক হিচাপে ড৹ কন্দৰ্প দাস থকাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত আছিল ড৹ মৃদুল হাজৰিকা ৷

পুণৰ বিতৰ্কৰ মেৰপাকত গুৱাহাটী বিশ্ববিদ্যালয়

CAGৰ প্ৰতিবেদনক লৈ ইতিমধ্যে তদন্ত ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ৷ এক উচ্চস্তৰীয় কমিটিৰ দ্বাৰা তদন্ত কৰাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিলে উপাচাৰ্যগৰাকীয়ে ৷ যি তদন্তত আঁওতাত থাকিব আইডলৰ তদানীন্তন সঞ্চালক ড৹ কন্দৰ্প দাসকে ধৰি অন্য ভাৰপ্ৰাপ্ত সঞ্চালকসকল ৷

ইফালে এই বিষয়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আমিনুল হকে ৷ 'গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিতৰ্ক একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ গুৱাহাটী বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ ভুৱা নামভৰ্তিৰে তেওঁলোকৰ সুন্দৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা বুলি' মন্তব্য আমিনুল হকৰ ৷

কি ক'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আমিনুল হকে

লগতে পঢ়ক: বিষয় কেব: ৰাজ্যজুৰি অব্যাহত বিভিন্ন দলৰ প্ৰতিবাদী কাৰ্যসূচী

Intro:ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছে গুৱাহাটী বিশ্ববিদ্যালয় আইডলে। UGCৰ বিনা অনুমোদিত বিষয়ত শিক্ষাদান কৰি বিতৰ্কত আইডল। CAGৰ প্ৰতিবেদনত ইতিমধ্যেই স্পষ্ট হৈ পৰিছে আইডল কৰ্তৃপক্ষৰ এই ভয়ংকৰ কাণ্ড। মুঠ ২১টা বিষয়ৰ অনুমোদন নথকা স্বত্বেও আইডলে শিক্ষাদান কৰাই আছিল সেই বিভাগৰ। কেগৰ প্ৰতিবেদন অনুসৰি ৰাজ্যৰ ৭৩ হাজাৰ ৯১২ গৰাকী শিক্ষাৰ্থীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিছে আইডল কৰ্তৃপক্ষই। এই ভয়ংকৰ তথ্য উন্মোচন হৈছে বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰা CAGৰ প্ৰতিবেদনত। প্ৰতিবেদনৰ মতে ২০১০–১১ৰ পৰা ২০১৬-১৭ শিক্ষাবৰ্ষলৈ আইডলে অনুমোদন অবিহনেই কৰি আহিছে ২১টা বিষয়ৰ শিক্ষাদান। UGC, AICTEৰ অলক্ষিতেই IDOLয়ে কৰি আহিছে অনুমোদনবিহীন পাঠ্যক্ৰমৰ শিক্ষাদান। তাৰোপৰি ডিছটেন্স এডুকেশ্যন কাউন্সিল (DEC)য়ে ৩ বছৰৰ বাবে কেৱল ৮টা পাঠ্যক্ৰমৰ অনুমতি দিছিল আইডলক। ইংৰাজী, অসমীয়া, বাংলা, অৰ্থনীতি, বুৰঞ্জী, MSc. IT, MSJ Moduler পাঠ্যক্ৰমৰহে অনুমতি দিছিল DECয়ে। এই পাঠ্যক্ৰমসমূহৰ বাদে IDOLয়ে আগবঢ়োৱা বাকী পাঠ্যক্ৰম আছিল সম্পূৰ্ণ ভুৱা। ইফালে কেগে কোৱা অনুসৰি এই ৮টা পাঠ্যক্ৰমৰ বাদে আন পাঠ্যক্ৰমত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা IDOLৰ ছাত্ৰ-ছাত্ৰীসকলৰ ডিগ্ৰী কোনোধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ’ব। ২০১০-১১ শিক্ষাবৰ্ষৰ পৰা ২০১২-১৩ শিক্ষাবৰ্ষলৈ এই অনুমতি দিছিল যদিও পিছত ২০১৪ৰ পৰা ২০১৮লৈ পুনৰ বৃদ্ধি কৰিছিল ম্যাদ। এই অবৈধ পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীৰ পৰা IDOLয়ে সৰকাইছিল ৩৯.০৬ কোটি টকা। ২০০৬–১৬ চনলৈ ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া IDOLৰ সঞ্চালক আছিল ড৹ কন্দৰ্প দাস। ইয়াৰোপৰি অন্য তিনিগৰাকী ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সেইসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল ড৹ মৃদুল হাজৰিকা। উল্লেখযোগ্য যে CAGৰ প্ৰতিবেদনক লৈ তদন্ত ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। এক উচ্চস্তৰীয় কমিটিৰ দ্বাৰা তদন্ত কৰাৰ কথা ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিলে উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে। এই তদন্তৰ আওতালৈ IDOLৰ তদানীন্তন সঞ্চালক ড৹ কন্দৰ্প দাসকে ধৰি অন্য ভাৰপ্ৰাপ্ত সঞ্চালক কেইগৰাকীও আহিব। আনহাতে ছাত্ৰ-ছাত্ৰীসকলক শংকিত নহ'বলৈ অনুৰোধ জনালে উপাচাৰ্যগৰাকীয়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.