ETV Bharat / state

পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ল'ব নোৱাৰি বঙাইগাঁৱত ব্যৱসায়ীৰ আত্মহত্যা

author img

By

Published : Aug 23, 2020, 7:01 PM IST

পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ল'ব নোৱাৰি বঙাইগাঁৱত ক্ষুদ্ৰ ব্যৱসায়ীৰ আত্মহত্যা ৷ দেওবাৰে পুৱতি নিশা নিজা ভাৰাঘৰত চিপ লৈ আত্মহত্যা ব্যৱসায়ী গৰাকীৰ ৷

Businessman commits suicide at Bongaigaon
পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ল'ব নোৱাৰি বঙাইগাঁৱত ব্যৱসায়ীৰ আত্মহত্যা

বঙাইগাঁও, 23 আগষ্ট : ক'ভিড পৰিস্থিতিৰ মাজতে দেওবাৰে বঙাইগাঁৱত সংঘটিত হৈছে এক নিৰ্মম ঘটনা ৷ পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ল'ব নোৱাৰি আত্মহত্যা এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ ৷

ঘটনাৰ বিৱৰণ অনুসৰি, বঙাইগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এই ঘটনা ৷ চহৰখনৰ উদয় নগৰৰ উত্তম দে নামৰ ব্যৱসায়ীজনে ইলেক্ট্ৰনিকছ সামগ্ৰীৰ দোকান এখনৰ জৰিয়তে পৰিয়াল পোহপাল দি আছিল ৷ কিন্তু হঠাৎ মাৰ্চৰ পৰা অহা লকডাউনৰ বাবে ব্যৱসায়ীজনে তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছিল ৷ আনকি, তিনি সন্তান আৰু পত্নীক পোহপাল দিয়াত এক প্ৰকাৰ অসমৰ্থ হৈ উত্তম দেই 16 দিনীয়া পানী কেঁচুৱা এটি পোহপালৰ বাবে আনৰ হাতত অৰ্পণ কৰে বুলিও জানিব পৰা গৈছে ৷

এনে অৱস্থাত তীব্ৰ আৰ্থিক সংকট আৰু পৰিয়ালৰ মানসিক অশান্তিত ভুগি ব্যৱসায়ী উত্তম দেই দেওবাৰে পুৱতি নিশা নিজা ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে সদৰি কৰিছে ৷

উল্লেখ্য যে, ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁৱত ৷

লগতে পঢ়ক : ছয়গাঁৱৰ জোৰশিমুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ এটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.