ETV Bharat / state

Manikpur Central Bank Brokers : মাণিকপুৰৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি - Manikpur AGVB

মাণিকপুৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি । বেংক একাউণ্ট লিংক কৰা, KYC আদিৰ নামত গ্ৰাহকৰ পৰা এহাজাৰকৈ ধন সংগ্ৰহ । সাংবাদিকৰ কেমেৰা দেখি পলায়ন দালালৰ (Brokers at central bank branch in Manikpur) ।

Bank
Bank
author img

By

Published : Dec 27, 2022, 4:40 PM IST

মাণিকপুৰত বেংকত দালালৰাজ

মাণিকপুৰ, ২৭ ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো মাণিকপুৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি অব্যাহত আছে (Brokers at central bank branch in Manikpur) । কাচেম আলী নামৰ দালালজনে বেংকৰ গ্ৰাহকৰ পৰা আধাৰ কাৰ্ড লিংক কৰা, বেংক পাচবুকৰ KYC তথা আন আন কামৰ নামত এহাজাৰকৈ টকা সংগ্ৰহ কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে ।

শাখা পৰিচালকৰ নামত ধন সংগ্ৰহ কৰি শাখা পৰিচালকক টকা দিয়াৰ দৃশ্য বন্দী হয় কেমেৰাত (Branch Manager of Central Bank of India) । উল্লেখ্য, দীৰ্ঘদিন ধৰি বেংকত দালালৰাজ অব্যাহত থকাৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে বেংকৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কেমেৰা দেখি পলায়ন কৰে ।

অৱশ্যে এই সম্পৰ্কে বেংকৰ শাখা পৰিচালকে মন্তব্য দিয়াৰ পৰা বিৰত থাকে । আনহাতে, ঘটনা সংক্ৰান্তত বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । উল্লেখ্য যে মাণিকপুৰৰ গাঁৱলীয়া বেংক (Manikpur AGVB), পঞ্জাব নেচনেল বেংক (Punjab National Bank), চেন্ট্ৰেল বেংক (Brokers at central bank branch in Manikpur) আৰু পাতিলাদহা গাঁৱলীয়া বেংক আদিত দালালৰ দপদপনিয়ে জ্বলাকলা দেখুৱাইছে সাধাৰণ গ্ৰাহকক ।

চৰকাৰে দৈনিক হিতাধিকাৰী সৃষ্টিৰ নামত ন ন আঁচনি ঘোষণা কৰি সাধাৰণ শ্ৰেণীৰ মানুহক অন্য দিশলৈ গতি কৰোৱাৰ অভিযোগ উঠি আহিছে । সেইসূত্ৰে পুৱাৰ পৰা সন্ধিয়ালৈকে বেংকসমূহত মানুহৰ যথেষ্ট সমাগম হৈ থাকে । নিজৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা, KYC, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে অহা গৃহ নিৰ্মাণৰ টকা উঠোৱা ইত্যাদি কামৰ বাবে পুৱাৰ পৰা সন্ধিয়ালৈকে শাৰীপাতি থিয় হৈ থাকি খালী হাতে ঘূৰি যাবলগাতো পৰে একাংশ । কিন্তু বক্ৰ পথেৰে দালালৰ জৰিয়তে এক হাজাৰ টকা খৰচ কৰিলে সেই কাম তুৰন্তে সমাধান হোৱাৰ অভিযোগ একাংশ বেংক গ্ৰাহকৰ ।

ফলত বেংকৰ কাম সমাধা কৰিবলৈ দিনৰ দিনটো অপেক্ষা কৰা বা বেংকলৈ তাঁত-বাতি কৰি থকাৰ পৰা ৰেহাই পাবলৈ একাংশই উপায়ন্তৰ হৈ অন্য পথ গ্ৰহণ কৰিবলগা হয় । সেয়েহে এইক্ষেত্ৰত সচেতন মহলে উপায়ুক্ত তথা অনুসন্ধান বিভাগৰ হস্তক্ষেপ দাবী কৰিছে । লগতে বিষয়টো বেংকসমূহৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰো দৃষ্টিগোচৰ কৰিছে ।

লগতে পঢ়ক :DAC Members Oath Ceremony : তীব্ৰ খামখেয়ালিৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.