ETV Bharat / state

বস্তা বাবাই ইচ্ছা কৰিলে সকলো সম্ভৱ !

author img

By

Published : Dec 29, 2019, 12:56 PM IST

ফকীৰ বাবা, ফু বাবা,গো-মাতা, জিকিৰ বাবাৰ পিচত এইবাৰ বঙাইগাঁও জিলাৰ নাম্বাৰপৰাত ওলাল বস্তা বাবা। অন্ধ বিশ্বাসৰ গ্ৰাসত বঙাইগাঁৱৰ নাম্বাৰপৰাবাসী ।

বঙাইগাঁও
বঙাইগাঁও

বঙাইগাঁও, 29 ডিচেম্বৰ: বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত দেওবাৰে পুৱাৰে পৰা দেখা গ'ল মানুহৰ সমাগম ৷ কাৰণ বাবা ওলাইছে ৷ শ্বেখ আজাদ হুছেইন নামৰ এজন ব্যক্তি ওৰফে বস্তাবাবাই প্ৰায় 1500 লোকক জৰাফুকাৰ জৰিয়তে প্ৰদান কৰিছে চিকিৎসা ৷ পানীৰ পৰা, তেল, মধু, কলগছৰ লগতে নেমু টেঙা পৰ্যন্ত জাৰি দিয়ে বস্তা বাবাই। আনহাতে বাবাৰ পৰা জৰাফুকা ল'বলৈ হেতা ওপৰা লগাইছে শ শ জনে ।

বঙাইগাঁও
বস্তা বাবাৰ প্ৰভাৱ

মূৰৰ বিষ, চাইনিজ, পেটত পাথৰ হোৱা, গেষ্ট্ৰিক, সন্তান নোহোৱা আদি বিভিন্ন বেমাৰৰ উপশম আছে বাবাৰ হাতত। চিকিৎসাৰ পিচত ৰাইজে দিয়া বৰঙণি দৰিদ্ৰৰ মাজত ভগাই দিয়া এইগৰাকী বস্তা বাবাৰ পদূলিলৈ এতিয়া সোঁত বৈছে শ শ ৰাইজৰ ৷ মুঠতে বিজ্ঞানে মংগল গ্ৰহত খোজ দিয়াৰ সময়তে অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত পৰিছে একাংশ ৰাইজ ৷

বস্তা বাবাৰ প্ৰভাৱ

লগতে পঢ়ক: কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ নামাকৰণৰ বিৰোধিতা নাথ যোগী ছাত্ৰ সন্থাৰ

Intro:slug: as_jania_29dec_bosta_baba_vis2+byt5+pho2_spl_pkg_story_asc10058

Anchor:- ফকীৰ বাবা, ফু বাবা,গো-মাতা, জিকিৰ বাবাৰ পিছত এইবাৰ বঙাইগাঁও জিলাৰ নাম্বাৰ পৰাত ওলাল বস্তা বাবা। অন্ধ বিশ্বাসৰ গ্ৰাসত বঙাইগাঁও ৰ নাম্বাৰ পৰা বাসি । বস্তা বাবাৰ পানী পৰা, জৰাফুকা, মূৰৰ বিষ এবাৰ জাৰি দিলেই বেমাৰ সম্পূৰ্ণ নিৰাময় হয় ৰোগ। এয়া অন্ধ বিশ্বাস নে আন কিবা। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।Body:slug: as_jania_29dec_bosta_baba_vis2+byt5+pho2_spl_pkg_story_asc10058

VO: যিটো সময়ত মঙ্গল গ্ৰহত মানুহ বাস কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰাখিছে ঠিক তেনে সময়ত একাংশ অন্ধ বিশ্বাসৰ গ্ৰাসতো পৰিছে। তেনে এক ঘটনা সংগঠিত হৈছে বঙাইগাঁও জিলাৰ নাম্বাৰ পাৰাত। বঙাইগাঁও জিলাৰ নাম্বাৰপাৰাত আজি পুৱাৰে পৰাই শ্বেখ আজাদ হুছেইন ওৰফে বস্তাবাবাই প্ৰায় ১৫ শ লোকক জৰাফুকা দি চিকিৎসা কৰে। পানী পৰা, তেল, মধু, কলগছৰ মুৰা, লেবু আদি জাৰি দিয়ে। শশ লোকে জৰাফুকা লবলৈ হেতা ওপৰা লগায়। একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে কলম জাৰি লয়। মুৰৰ বিষ, বিভিন্ন বিষ, চাইনিজ, গুটি বেমাৰ, পেটত পাথৰ হোৱা, গেষ্ট্ৰিক, সন্তান নোহোৱা, আদি বেমাৰৰ চিকিৎসা কৰে। ডাউকমাৰী, হাফাচৰা, ছনপুৰা, জনিয়া, গুইলেজাৰত, বৰভিটা, খোংৰা, হাফাচৰা, পালহাজী, মৌখোৱা, বিলাসীপাৰা আদি ঠাইত বস্তা বাবাই জিকিৰ আৰু দোৱা কৰি গৰাখহনীয়া ৰোধ কৰে বুলি জানিব দিয়ে বস্তা বাবাই। নামাজ আৰু জিকিৰ কৰি আল্লাহুতালাৰ নাম শুদ্ধভাৱে ললে আল্লাহই গৰাখহনীয়া ৰোধ কৰিব বুলি কয়। দানত পোৱা টকা মছজিদত দান কৰি দিয়াৰ লগতে দৰিদ্ৰ লোকক সহায় কৰে। লগতে 'কা' ৰ বিৰোধিতা কৰি শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। আনহাতে কোনোবা এজনে বস্তা বাবাক চাৰিচকীয়া বাহন দান দিয়ে।

Special Package Story
Conclusion:slug: as_jania_29dec_bosta_baba_vis2+byt5+pho2_spl_pkg_story_asc10058

মন্তব্যঃ বস্তাবাবা, স্হানীয় ৰাইজ আৰু স্কুলীয়া ছাত্ৰী।

Special Package Story

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.