বঙাইগাঁও,5 মাৰ্চ: ফেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখে বঙাইগাঁৱৰ ছিপনছিলা কঠালগুৰী গাঁৱৰ কনক চন্দ্ৰ দাস নামৰ লোকজনে পত্নী আৰু কন্যাসহ এটি তীৰ্থযাত্ৰীৰ দলৰ সৈতে বাছেৰে যাত্ৰা কৰিছিল গয়ালৈ ৷ গয়াত উপস্থিত হোৱাৰ পাচৰে পৰা হঠাৎ অসুস্থ হৈ পৰে লোকজন ৷ ভাতৃৰ পিণ্ডদানৰ বাবে গয়ালৈ যোৱা পৰিয়াৰটোৰ যাৱতীয় কাম সম্পূৰ্ণ কৰে পত্নী পাৰুল দাস পাঠকে ৷ জীয়ৰীৰ সৈতে গৈ পিণ্ডদান কৰ্ম সমাপন কৰাৰ পাচতে নিখোজ হৈ পৰে কনক চন্দ্ৰ দাস নামৰ লোকজন ৷
পত্নীয়ে সহযাত্ৰী সকলৰ সহযোগত লোকজনক বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাত বিহাৰ আৰক্ষীৰ কাষ চাপে ৷ কিন্তু একমাত্ৰ অসমৰ লোক হোৱা বাবেই বিহাৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহন নকৰি দুৰ্ভোগীয়া পৰিয়ালটোক উভতাই পঠিয়াই অসমলৈ । দুখীয়া পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ সম্বল কনক দাসৰ নিৰুদ্দেশ হোৱাত কণমানি কন্যাক লৈ চিন্তিত হৈ পৰিছে পত্নী পাৰুল দাস পাঠক ৷
উপায়ন্তৰ হৈ বৃহস্পতিবাৰে দুৰ্ভোগীয়া পৰিয়ালটোৱে বঙাইগাঁও সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি কনক দাসৰ সন্ধান উলিয়াবলৈ কাতৰ অনুৰোধ জনাই আৰক্ষীক। লগতে সংবাদ মাধ্যমৰ জৰিয়তেও লোকজনৰ কোনো সম্ভেদ পালে ৯৬৭৮৯৮৪৫২৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজ তথা পত্নী পাৰুল দাস পাঠকে ।
লগতে পঢ়ক: পৰমানন্দ ৰাজবংশীক সমৰ্থকৰ উস্ম আদৰণি