ETV Bharat / state

বঙাইগাঁৱত ষ্ট্ৰবেৰী খেতিৰে উজলিছে টেট শিক্ষক

কৰ্মৰ প্ৰতি অনিহাই বৰ্তমান সময়ত এচামক ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে বঙাইগাঁৱত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে এচাম যুৱকে । সময়ৰ সদ​ব্যৱহাৰ কৰি বঙাইগাঁও জিলাৰ শাওনাগাঁৱত উজলি উঠিছে কেইগৰাকীমান টেট শিক্ষক । নৱোদয় অৰ্গেনিক ফাৰ্ম নামেৰে এখন কৃষিপাম খুলি বিগত বৰ্ষত শাওনাগাঁৱত আঢ়ৈ বিঘা মাটিত কৰি আহিছে বিভিন্ন খেতি ।

Bongaigaon Tet teachers strawberry farm Assam etv bharat news
টেট শিক্ষকৰ ষ্ট্ৰবেৰী খেতি
author img

By

Published : Mar 3, 2020, 11:05 PM IST

বঙাইগাঁও,3 মাৰ্চঃ কৰ্মৰ প্ৰতি অনিহাই বৰ্তমান সময়ত এচামক ভাৰাক্ৰান্ত কৰি তোলাৰ মাজতে বঙাইগাঁৱত ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে এচাম যুৱকে । সময়ৰ সদ​ব্যৱহাৰ কৰি বঙাইগাঁও জিলাৰ শাওনাগাঁৱত উজলি উঠিছে কেইগৰাকীমান টেট শিক্ষক । পেচাত শিক্ষক হ’লেয়ো খেতিপথাৰত পূৰ্ণ উদ্যমেৰে লাগি পৰিছে শিক্ষক কেইগৰাকীৰ লগতে আন কেইবাজনো লোক ।

Bongaigaon Tet teachers strawberry farm Assam etv bharat news
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী

শাওনাগাঁও তথা নিকটৱৰ্তী অঞ্চলৰ বেদব্ৰত সিংহ, ধনেশ ৰায়, সুশীল ৰায়, নৱজিৎ গগৈ, থীৰেন বৰ্মণ, প্ৰবীৰ ৰায়, ৰাজকুমাৰ দেৱ আৰু ডিম্বেশ্বৰ বৰ্মন নামৰ যুৱক কেইজনে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে খেতি কৰি আহিছে । নৱোদয় অৰ্গেনিক ফাৰ্ম নামেৰে এখন কৃষিপাম খুলি বিগত বৰ্ষত শাওনাগাঁৱত আঢ়ৈ বিঘা মাটিত কৰি আহিছে বিভিন্ন খেতি । তাৰ ভিতৰত দলটোৱে কৰা ষ্ট্ৰবেৰীৰ খেতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এইবেলি দলটোৱে ষ্ট্ৰবেৰীৰ লগতে ইলাচী, বেঙেনা, বিলাহী আদিৰো খেতি কৰাৰ ব্যৱস্থা কৰিছে ৷

নৱোদয় অৰ্গেনিক ফাৰ্মৰ কৃষিকাৰ্য

উল্লেখ্য যে,বৰ্তমান সমাজৰ যুৱ চামক চাকৰিৰ পিচত দৌৰি সময় নষ্ট নকৰি খেতিপথাৰত নামি নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ বাবে আহ্বান জনায় এইসকল উদ্যমী শিক্ষক তথা কৃষকে ।

Bongaigaon Tet teachers strawberry farm Assam etv bharat news
টেট শিক্ষকৰ ষ্ট্ৰবেৰী খেতি

লগতে চাওকঃডিব্ৰুগড়ত দেশৰ দ্বিতীয় বৃহৎ মন্দিৰটো!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.