ETV Bharat / state

কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ মৰোণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান - শব্দাৰ্ঘ

কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ বঙাইগাঁও জিলা সাহিত্য সভাৰ মৰোণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান । স্মৃতিচাৰণ সভাত উন্মোচন 'শব্দাৰ্ঘ‘ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ।

কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ মৰোণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান
author img

By

Published : Jul 3, 2019, 5:01 AM IST

বঙাইগাওঁ, 3 জুলাইঃ বঙাইগাঁৱৰ বিশিষ্ট নাগৰিক, কবি, নাট্যকাৰ, পৰিচালক, সাহিত্যিক, শিক্ষাবিদ কাব্যনিধি প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ স্মৃতিত মঙলবাৰে বঙাইগাঁও জিলা সাহিত্য সভাই এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰাৰ লগতে মৰণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান কৰা হয় ৷ বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ ত্ৰিধাৰা ভৱন প্ৰাংগনত আবেলি অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ অনুষ্ঠানৰ পূৰ্বে কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মাৰ পত্নী মিনতি দেৱীয়ে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ মুকলি কৰে ৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে জিলা সাহিত্য সভাই প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ বিভিন্ন দিশ সামৰি প্ৰকাশ কৰি উলিওৱা 'শব্দাৰ্ঘ' শীৰ্ষক এক শ্ৰদ্ধা়ঞ্জলি গ্ৰন্থ উন্মোচন কৰে ৷

কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ মৰোণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান

অনুষ্ঠানত কাব্যনিধি, বঙাইগাঁও জিলাৰ প্ৰাক্তন সভাপতি মুকুন্দ চন্দ্ৰ শৰ্মালৈ বঙাইগাঁও জিলা সাহিত্য সভাই শৰ্মাৰ পত্নী মিনতি দেৱীৰ হাতত মৰণোত্তৰভাৱে সাহিত্যজ্যোতি সন্মান হিচাপে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ৷ অনুষ্ঠানত প্ৰয়াত শৰ্মাৰ স্মৃতিত কবি নিবেদিতা হাজৰিকাই কবিতা, অনিল কুমাৰ শৰ্মাই বৰগীত আৰু জ্যোতিৰেন্দ্ৰ অধিকাৰীয়ে শৰ্মাৰ ৰচিত গীত পৰিৱেশন কৰে ৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়, জিলা সাহিত্য সভাৰ উপ সভাপতি ৰামবিৰিক ৰায়, প্ৰাক্তন সম্পাদক বিক্ৰম মেধি সহ জিলা আৰু সাহিত্য সভাৰ কৰ্মী, সাহিত্য প্ৰেমী লোক উপস্থিত থাকে ৷ অনুষ্ঠানৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে ৷ পৰিয়ালৰ হৈ প্ৰয়াত শৰ্মাৰ জীয়ৰী ধৃতাস্মিতা শৰ্মাই জিলা সাহিত্য সভাই প্ৰয়াত পিতৃ দেৱলৈ তেওঁৰ জীৱন কৰ্মৰাজিৰ বাবে সাহিত্যজ্যোতি সন্মানেৰে বিভূষিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

Intro:কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মালৈ বঙাইগাঁও জিলা সাহিত্য সভাৰ মৰোণোত্তৰভাৱে সাহিত্যজ্যোতি বঁটা প্ৰদান ।
স্মৃতিচাৰণ সভাত 'শব্দাৰ্ঘ‘ শ্ৰদ্ধাঞ্জলি উন্মোচন।
Body:
বঙাইগাঁৱৰ বিশিষ্ট নাগৰিক, কবি, নাট্যকাৰ, পৰিচালক, সাহিত্যিক, শিক্ষাবিদ কাব্যনিধি প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ স্মৃতিত আজি বঙাইগাঁও জিলা সাহিত্য সভাই এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰাৰ লগতে মৰণোত্তৰভাৱে সাহিত্যজ্যোতি সন্মান প্ৰদান কৰে ৷ বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ ত্ৰিধাৰা ভৱন প্ৰাংগণত আবেলি অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ অনুষ্ঠানৰ পূৰ্বে কাব্যনিধি মুকুন্দ চন্দ্ৰ শৰ্মাৰ সহধৰ্মিণী মিনতি দেৱীয়ে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাৰ্ঘৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ৷ বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাত শিক্ষাবিদ বিচিত্ৰ শৰ্মা, বঙাইগাঁও কলেজৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ডঃ পি কে ধৰ, বঙাইগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক চৈয়দ ছাদ্দুলা খান, বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ডাঃ নিৰ্মল কুমাৰ ৰায়, বিশিষ্ট লেখক হাৰানিধি চক্ৰৱৰ্তী, বঙাইগাঁও কলেজৰ অধ্যাপিকা ডঃ ৰূপাঞ্জলি দেৱী আদিয়ে প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ নাট্য চৰ্চা, সাহিত্য চৰ্চা, শিক্ষাৰ দিশ আৰু সামাজিক অৱদান সম্পৰ্কে আলোকপাত কৰে ৷ এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে স্তম্ভ লেখক, বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত ৰায়ে মুকুন্দ চন্দ্ৰ শৰ্মাৰ কবিতা আৰু নাট্য চৰ্চাৰ সান্নিধ্যৰ ওপৰত আলোকপাত কৰে ৷ অনুষ্ঠানত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে জিলা সাহিত্য সভাই প্ৰয়াত মুকুন্দ চন্দ্ৰ শৰ্মাৰ বিভিন্ন দিশ সামৰি প্ৰকাশ কৰি উলিওৱা 'শব্দাৰ্ঘ' শীৰ্ষক এক শ্ৰদ্ধা়ঞ্জলি গ্ৰন্থ উন্মোচন কৰে ৷ গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত চন্দ্ৰা দেৱীয়ে মুকুন্দ চন্দ্ৰ শৰ্মাৰ কাব্যিক, নাট্য চৰ্চাৰ লগতে সমাজত শৰ্মাই কৰি যোৱা অৱদানৰ ওপৰত বস্তনিষ্ঠভাৱে আলোচনা দাঙি ধৰে ৷ অনুষ্ঠানত কাব্যনিধি, বঙাইগাঁও জিলাৰ প্ৰাক্তন সভাপতি মুকুন্দ চন্দ্ৰ শৰ্মালৈ বঙাইগাঁও জিলা সাহিত্য সভাই শৰ্মাৰ সহধৰ্মিণী মিনতি দেৱীৰ হাতত মৰণোত্তৰভাৱে সাহিত্যজ্যোতি সন্মান হিচাপে স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানত প্ৰয়াত শৰ্মাৰ স্মৃতিত কবি নিবেদিতা হাজৰিকাই কবিতা, অনিল কুমাৰ শৰ্মাই বৰগীত আৰু জ্যোতিৰেন্দ্ৰ অধিকাৰীয়ে শৰ্মাৰ ৰচিত গীত পৰিৱেশন কৰি শ্ৰদ্ধা যাচে ৷ অনুষ্ঠানত অসম সাহিত্য সবাৰ কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায়, জিলা সাহিত্য সভাৰ উপ সভাপতি ৰামবিৰিক ৰায়, প্ৰাক্তন সম্পাদক বিক্ৰম মেধি সহ জিলা আৰু সাহিত্য সভাৰ কৰ্মী, সাহিত্য প্ৰেমী লোক উপস্থিত থাকে ৷
Conclusion:অনুষ্ঠানৰ আঁত ধৰে জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ কুমাৰ পাঠকে ৷ পৰিয়ালৰ হৈ প্ৰয়াত শৰ্মাৰ জীয়ৰী ধৃতাস্মিতা শৰ্মাই জিলা সাহিত্য সভাই প্ৰয়াত পিতৃ দেৱলৈ তেওঁৰ জীৱন কৰ্মৰাজিৰ বাবে সাহিত্যজ্যোতি সন্মানেৰে বিভূষিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.