বঙাইগাঁও, 27 জানুৱাৰী : নিউ বঙাইগাঁও ৰে‘লৱে ৱাৰ্কশ্বপত বুধবাৰে সংঘটিত হৈছে এক অঘটন ৷ ৰে‘লৰ ব্ৰেক অইলৰ টেংক বিস্ফোৰণ হৈ দুজন ৰে‘লৱে কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় ৷ নিউ বঙাইগাঁৱৰ ৰে‘লৰ ডবা মেৰামতি কৰা ৱাৰ্কশ্বপত সংঘটিত হৈছে এই ঘটনা ৷ দুৰ্ঘটনাৰ পাছতে ততাতৈয়াকৈ কৰ্মচাৰী দুজনক নিউ বঙাইগাঁও ৰে‘লৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
![bongaigaon-railway-workshop-tenker-blast](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-bongaigaonrailwayworkshoptenkerblast-vis-10012_27012021163128_2701f_1611745288_498.jpg)
উল্লেখ্য যে, নিউ বঙাইগাঁও ৰে‘লৱে ৱাৰ্কশ্বপৰ ভিতৰত ৰে‘লৰ তেল পৰিবাহী টেংক মেৰামতি কৰি থকা অৱস্থাত টেংকৰ ভিতৰত জুইৃৰ সূত্ৰপাত হোৱাত টেংকৰ ভিতৰত গেছ সৃষ্টি হৈ বিকট শব্দ কৰি বিস্ফোৰণটো সংঘটিত হয় ৷ যাৰ পাছতেই উক্ত টেংকৰ মেৰামতি কৰি থকা নিন্দেশ্বৰ সিংহ(55) আৰু সুভাষ ৰায়(53) গুৰুতৰ ভাৱে আহত হয় ৷
লগতে পঢ়ক: উজনি সোৱণশিৰিত চীনাৰ আগ্ৰাসনক অগ্ৰাহ্য কৰিলে মহন্ত পাংগিঙে