বঙাইগাঁও,12 এপ্ৰিলঃ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁৱৰ ৰে’লৱে কাৰখানাত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ কাৰখানাৰ ভিতৰৰ বিভিন্ন সা-সামগ্ৰী গোটাই থোৱা ঠাইত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ঘটনাস্থলীত পাঁচখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ভয়াবহ অগ্নিকাণ্ডটোৰ পৰা কথমপি ৰক্ষা পৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ দবা মেৰামতি কৰা ৰেলৰ কাৰখানাটো ৷ জুইৰ সূত্ৰপাত কেনেকৈ হ’ল সেই সম্পৰ্কত অদ্যপি জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত তদন্তৰ ঘোষণা ৰে’ল কৰ্তৃপক্ষৰ ৷ লগতে বিভাগটোৱে এই সন্দৰ্ভত তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷
লগতে চাওকঃ 4মাহৰ অন্তত মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ