বঙাইগাঁও 28 মাৰ্চ: ল’ক ডাউনৰ সময়ত মুকলিভাৱে বজাৰলৈ ওলাই অহা লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিউ বঙাইগাঁৱৰ গাদি বজাৰ অঞ্চলত ৷ বজাৰত গোট খোৱা একাংশ লোকক আৰক্ষীয়ে খেদি পঠোৱাৰ সময়তেই ওলোটাই আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে একাংশ লোকে ৷ ইয়াৰ পাছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ ৮ জাঁই গুলি নিক্ষেপ কৰিবলগীয়া হয় । জিলাখন শীৰ্ষ আৰক্ষী বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
ল’ক ডাউনৰ চাৰিদিনৰ পিছতো আজিও সজাগ হোৱা নাই ৰাজ্যৰ একাংশ লোক ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে ৷ আৰক্ষী, জিলাপ্ৰশাসন তথা বিভিন্ন পক্ষই ৰাইজক অহৰহ সজাগ কৰাৰ চেষ্টা কৰি আছে ৷ তথাপিও ল’ক ডাউন নমনাৰ কাৰনে জন সমাগমৰ সৃষ্টি হৈয়ে আছে যাৰ বাবে আৰক্ষীয়ে কঠোৰ হ'বলগীয়া হৈছে ৷
এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে চাৰিজনকৈ লোকক আটক কৰিছে । মুখ্য অপৰাধী আনোৱাৰ হুচেইনক আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে এখন বুলেট গাড়ীও জব্দ কৰিছে বুলি জনায় ৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সিংহৰাম মিলিয়ে সকলোকে ল’ক ডাউন মানি চলিবলৈ আহ্বান জনায় ।
লগতে পঢক :ল’ক ডাউনঃ ঘৰৰ পৰাই শিক্ষাদান কৰি আদৰ্শ দেখুৱালে টিয়কৰ শিক্ষকে