বঙাইগাঁও, 26 অক্টোবৰঃ বঙাগাঁৱত ভক্ষকৰ ৰূপ ল'লে ৰক্ষকে ৷ শনিবাৰে বঙাইগাঁৱত ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত 1 জন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত কনিষ্টবল তাজেন মণ্ডলে দীৰ্ঘ দিনৰ পৰা নিজকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ব্যক্তিগত দেহৰক্ষী বুলি পৰিচয় দি কিছু একাংশ লোকৰ সৈতে মিলি চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায়। উল্লেখ্য যে যোৱা কেইবা মাহত বঙাইগাঁও আৰু চিৰাং জিলাত এই ড্ৰাগছ ব্যৱসায়ত জড়িত প্ৰায় ৪০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আৰক্ষী জোৱান তাজেন মণ্ডলো এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ খবৰ লাভ কৰে ৷ পাচত শনিবাৰে নিশা বঙাইগাঁও আৰক্ষী ছাউনীত নিয়োজিত থকা তাজেন মণ্ডলক আৰক্ষীয়ে আটক কৰে ৷ গ্ৰেপ্তাৰ হোৱা জোৱানজনৰ ঘৰ মঙলদৈৰ দলগাঁৱত। ইপিনে বঙাইগাঁও সদৰ থানাত ধৃত আৰক্ষী জোৱান জনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰায় ।
বঙাইগাঁৱত ড্ৰাগছ ব্যৱসায়ত জড়িত আৰক্ষী কনিষ্টবল গ্ৰেপ্তাৰ - assam police arrested beacause of Drugs involvement
বঙাইগাঁৱত ড্ৰাগছ ব্যৱসায়ত জড়িত আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ। আৰক্ষীৰ ছত্ৰছায়াতেই ড্ৰাগছৰ ব্যৱসায় চলাৰ অভিযোগ । ইপিনে বঙাইগাঁও সদৰ থানাত ধৃত আৰক্ষী জোৱানজনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰায় ।
বঙাইগাঁও, 26 অক্টোবৰঃ বঙাগাঁৱত ভক্ষকৰ ৰূপ ল'লে ৰক্ষকে ৷ শনিবাৰে বঙাইগাঁৱত ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত 1 জন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত কনিষ্টবল তাজেন মণ্ডলে দীৰ্ঘ দিনৰ পৰা নিজকে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ব্যক্তিগত দেহৰক্ষী বুলি পৰিচয় দি কিছু একাংশ লোকৰ সৈতে মিলি চলাই গৈছিল ড্ৰাগছৰ ব্যৱসায়। উল্লেখ্য যে যোৱা কেইবা মাহত বঙাইগাঁও আৰু চিৰাং জিলাত এই ড্ৰাগছ ব্যৱসায়ত জড়িত প্ৰায় ৪০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আৰক্ষী জোৱান তাজেন মণ্ডলো এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকাৰ খবৰ লাভ কৰে ৷ পাচত শনিবাৰে নিশা বঙাইগাঁও আৰক্ষী ছাউনীত নিয়োজিত থকা তাজেন মণ্ডলক আৰক্ষীয়ে আটক কৰে ৷ গ্ৰেপ্তাৰ হোৱা জোৱানজনৰ ঘৰ মঙলদৈৰ দলগাঁৱত। ইপিনে বঙাইগাঁও সদৰ থানাত ধৃত আৰক্ষী জোৱান জনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি আদালতত হাজিৰ কৰায় ।
আৰক্ষীৰ ছত্ৰ ছায়াতেই চলিছিল ড্ৰাগছৰ ব্যৱসায়। বঙাইগাঁওত ড্ৰাগছৰ ব্যৱসায়ত জড়িত আৰক্ষী জোৱান গ্ৰেপ্তাৰে তাৰেই প্ৰমান ।
Body:দীৰ্ঘদিনৰ পৰা বঙাইগাঁও-চিৰাঙত আৰক্ষীৰ চত্ৰছায়াতেই চলিছিল ড্ৰাগছৰ ব্যৱসায় । যুৱ প্ৰজন্মক ধ্বংশৰ মুখলৈ ঠেলি দি নিজৰ মুনাফা আদায় কৰিছিল খোদ আৰক্ষীয়ে । ৰক্ষকেই ভক্ষকৰ ভূমিকা গ্ৰহন কৰিছিল । আজি বঙাইগাঁও আৰক্ষীয়ে তাকেই প্ৰমান কৰিলে । দীৰ্ঘ দিনৰ পৰা নিজকে বঙাইগাঁও জিলা আৰক্ষী অধিক্ষকৰ ব্যাক্তিগত দেহ ৰক্ষী বুলি পৰিচয় দি কিছু দুষ্ট প্ৰকৃতিৰ লোকৰ সৈতে মিলি চলাই গৈছিল অবৈধ তথা নিষিদ্ধ ড্ৰাগছৰ ৱ্যৱসায় । যোৱা তিনি/চাৰি মাহত বঙাইগাঁও-চিৰাং জিলাত এই ড্ৰাগছৰ ব্যৱসায়ত জড়িত প্ৰায় ৪০ জন লোক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ বহু কেইজন যুৱকৰ মৃত্যুও হৈছিল এই ধ্বংশাত্মক ড্ৰাগছ সেৱনৰ ফলত । আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছিল এই ব্যৱসায়ৰ সৈতে জড়িত লোক সকলক গ্ৰেপ্তাৰৰ বাবে । শেষতীয়াকৈ বঙাইগাঁও আৰক্ষীৰ তদন্তত পোহৰলৈ অহা বঙাইগাঁও আৰক্ষী ছাউনীত নিয়োজিত থকা আৰক্ষী জোৱান তাজেন মণ্ডল(৩৫) এই নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকা বুলি নিশ্চিত হোৱাৰ পিচতে যোৱা নিশা অভিযান চলাই আৰক্ষী ছাউনীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱান জনক । গ্ৰেপ্তাৰ জোৱান জনৰ ঘৰ মঙ্গলদৈৰ দলগাঁওত । বঙাইগাঁও সদৰ থানাত গ্ৰেপ্তাৰ আৰক্ষী জোৱান জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধিনত অবৈধ তথা নিষিদ্ধ নিচাজাতীয় দ্ৰব্য আইনৰ ২২ নং ধাৰা মতে ৬৯৬/১৯ নং গোচৰ পঞ্জিয়ন কৰি আজি আদালতত হাজিৰ কৰায় ।
বাইট : অচি বঙাইগাঁও সদৰ থানা ।
Conclusion:আৰক্ষীৰ লোকেই জড়িত থাকি সমগ্ৰ চিৰাং-বঙাইগাঁওত নিষিদ্ধ ধ্বংশাত্মক ড্ৰাগছ ব্যৱসায়ৰ গুৰিতে আৰক্ষী সেয়া আকৌ প্ৰমানিত হল ।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।