চিৰাং, 9 আগষ্টঃ বঙাইগাঁও জিলাৰ ঢালিগাঁও গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নৰ নামত ধনৰ ব্যাপক অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে ৷ এডাল নেমুৰ পুলিৰ নামত 1500 টকা ব্যয় দেখুওৱা যদিও কোনো কোনো স্থানত নেমুৰ অস্তিত্বই দেখিবলৈ পোৱা নাযায় ৷ বহুতে নেমু বাগান নকৰি ধনৰ অপব্যৱহাৰ কৰিছে ঢালিগাঁও পঞ্চায়তত ৷
অভিযোগ মতে,বঙাইগাঁও জিলা পৰিষদৰ অধীনৰ ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চলিছে লুন্ঠনৰাজ ৷ পঞ্চায়তখনৰ নিৰ্বাচিত একাংশ প্ৰাৰ্থীয়ে নিজৰ পৰিয়াল বা আত্মীয়ৰ নামত আঁচনি ৰূপায়ন কৰি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ক্ষেত্ৰত অভিযোগ উত্থাপিত হৈছে ঢালিগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰ ঌনং ৱাৰ্ডৰ সদস্য গৰাকীৰ বিৰুদ্ধে ৷ আনহাতে বহুতেই পঞ্চায়তৰ সভাপতি মাখন ঘোষৰ নেতৃত্বত এইসমূহ অবাধ দুৰ্নীতি তথা কেলেংকাৰী চলা বুলি অভিযোগ উত্থাপন কৰিছে ৷
ঢালি গাঁও পঞ্চায়তৰ দুখন নেমুখেতিয়ে পোহৰলৈ আনিছে এই দুৰ্নীতিৰ কথা ৷ চৰকাৰী আঁচনিৰ ধনেৰে প্ৰতিষ্ঠা কৰা নেমু খেতিৰ বাগিচাত 50 টা মান নেমু পুলি আছে,আৰু সেইকেইটাও হাবিয়ে আবৰি আছে ৷ আনহাতে, আনখন বাগিছাত নাই এডালো নেমু ৷ সেয়ে সেই বাগিছাখনত ৰাইজে এতিয়া মাছ ধৰিছে ৷
উল্লেখ্য যে,এম জি এনৰেগা আচনিৰ 2019-20 বিত্তিয় বৰ্ষৰ আইবিএছ আঁচনিৰ অধীনত 50 টা নেমু পুলিৰ নামত ধাৰ্য কৰা হৈছিল 75,000 টকা ৷
পঞ্চায়তখনত জবকাৰ্ডৰ দ্বাৰা এমজি এনৰেগাৰ কাম কৰা দেখুৱাই লুন্ঠন কৰা হৈছে চৰকাৰী ধন ৷ এনেদৰেই নেমু টেঙাৰ বাগিছাৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ ক্ষেত্ৰত ডাংতল খণ্ড উন্নয়নৰ বিষয়া,বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই লুন্ঠনৰ বাবে সকলোকে সুবিধা কৰি দি জিলাখনত কমিচনৰ বজাৰ বহুৱাইছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷