ETV Bharat / state

বঙাইগাঁৱত ড্ৰাগছ সহ যুৱক আটক - ড্ৰাগছ সহ যুৱক

বঙাইগাঁৱত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ড্ৰাগছসহ আটক হ'ল কোকৰাঝাৰৰ যুৱক

বঙাইগাঁৱত ড্ৰাগছ সহ যুৱক আটক
author img

By

Published : Aug 29, 2019, 7:28 AM IST

  • বঙাইগাঁও চহৰত ড্ৰাগছসহ বিশ্বজিত ইছলাৰী নামৰ এজন যুৱক আটক
  • আটকাধীন যুৱকজন কোকৰাঝাৰৰ দেৱৰগাঁৱৰ টিলাপাৰাৰ বুলি জানিব পৰা গৈছে
  • যুৱকজনৰ পৰা 7 টা কণ্টেইনাৰত প্ৰায় সাত মিলিগ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীয়ে
  • ড্ৰাগছ খিনি বিক্ৰীৰ বাবে আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে
  • সম্প্ৰতি যুৱকজনক উত্তৰ বঙাইগাঁও আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে

Intro:বঙাইগাঁও চহৰত ড্ৰাগছ সহ আটক যুৱক । দিন দুপৰতে ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি ধৰা পৰিল ধনী ঘৰৰ যুৱক ।

Body:বঙাইগাঁও চহৰত আজি বিয়লি নিচাজাতীয় ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি কোকৰাঝাৰৰ যুৱক এজন আৰক্ষীৰ দ্বাৰা ড্ৰাগছ সহ আটক হয় ৷ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুনীন্দ্ৰ দাসে গোপন খবৰ লাভ কৰি অভিযান চলাই উত্তৰ বঙাইগাঁৱৰ মা দুৰ্গা নামৰ বেটাৰী দোকানৰ সন্মুখত এজন যুৱকক ড্ৰাগছ সহ আটক কৰে ৷ ধৃত যুৱক জনৰ নাম বিশ্বজিত ইছলাৰী (১৯) ৷ কোকৰাঝাৰ থানাৰ অধীনৰ দেৱৰগাঁৱৰ টিলাপাৰাৰ বিশ্বজিত ইছলাৰীৰ পৰা ৭ টা কন্টেনাৰত সাত মিলিগ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এটা মোবাইল সহ এ এছ ১৬ জি ৪৮৯২ নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইক উদ্ধাৰ কৰে ৷ সম্প্ৰতি ড্ৰাগছ কঢ়িওৱা যুৱক জনক উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত জেৰা অব্যাহত ৰাখিছে ৷

বাইট : আৰক্ষী বিষয়া ।

Conclusion:চিৰাং জিলাৰ পিচত এই বাৰ বঙাইগাঁওত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী । দিনদুপৰতে ড্ৰাগছ বিকিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ যুৱক ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.