ETV Bharat / state

বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত ডকাইতি

author img

By

Published : Nov 11, 2020, 2:27 PM IST

বঙাইগাঁৱৰ তেল ডিপোত পুৱা সংঘটিত হয় ডকাইতিৰ কাণ্ড । বঙাইগাঁও জিলাৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ চাপৰাকাটা স্থিত বৰ্মন অটো ছাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপোত তেল ভৰাবলৈ আহি ডকাইতি কৰাৰ সকলো দৃশ্য বন্দী CCTVত ৷ কৰ্মচাৰীক প্ৰহাৰ কৰি লুটি লৈ যায় ৪৭ হেজাৰতকৈ অধিক টকা ৷

As_Chg_01_Bongaigaon _oil_Dipo_Robbery_vis_10012_oil_Dipo_Rubbery_vis_10012
বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত হয় ডকাইতিৰ কাণ্ড

বঙাইগাঁও,11নৱেম্বৰ: বুধবাৰে ৰাতিপুৱা ৪.৩০ বজাত বঙাইগাঁৱৰ তেল ডিপোত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড। জিলাখনৰ চাপৰাকাটাস্থিত ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ইণ্ডিয়ান অইলৰ বৰ্মন অটো ছাৰ্ভিচ ষ্টেচনত সংঘটিত হয় এই ডকাইতি কাণ্ড । CCTVত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷ ৰাতিপুৱা সামগ্ৰী কঢ়িয়াই অনা এখন বলেৰো পিক আপ ভান আহি তেল ডিপোত প্ৰৱেশ কৰে । ৫০০ টকাৰ তেল ভৰোৱাৰ পাছতে ডিপোৰ কৰ্মচাৰীৰ পৰা টকা বিচাৰে ৷

ডিপোৰ কৰ্মচাৰী নিকুঞ্জয় বৰ্মনক গাড়ী খনত অহা ডকাইতৰ দলে বগৰাই ধৰে তাৰ পিচতে বলপূৰ্বক ভাৱে নিকুঞ্জয় বৰ্মনক গাড়ীখনত উঠাই লৈ যায় । প্ৰায় এক কিলোমিটাৰ যোৱাৰ পাছত তেওঁৰ লগত থকা টকাৰ মোনাখন কাঢ়ি লয় আৰু মাৰধৰ কৰি এৰি থৈ যায়। মোনাখনত ৪৭ হেজাৰতকৈ অধিক টকা আছিল ৷

ঘটনা সন্দৰ্ভত ওচৰৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ CCTVৰ ফুুটেজ ভিত্তিতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, ল'ক ডাউনৰ পিছতে চাৰিওদিশে কৰ্মহীন হৈ পৰা লোক সকলে অভ্যস্থহৈ পৰিছে অপৰাধমূলক কামত । বাধ্যত পৰি সংঘটিত কৰিবলৈ লৈছে এটাৰ পিছত আনটো অপৰাধমূলক ঘটনা ৷ দিনে দিনে জিলাখনত অপৰাধমূলক ঘটনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক:গোলাঘাটৰ লহেৰে চাপৰিত গ্ৰেপ্তাৰ দুধৰ্ষ চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.