ETV Bharat / state

বঙাইগাঁৱত মধ্যহ্ন ভোজনৰ ধন আত্মসাৎ প্ৰধান শিক্ষয়িত্ৰীৰ

author img

By

Published : Oct 16, 2019, 3:35 PM IST

বঙাইগাওঁ জিলাৰ বালাৰচৰ প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণা বৰ্মনে মধ্যাহ্ন ভোজনৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ একাংশ অভিভাৱকৰ ৷ ঘটনাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী অভিভাৱকসকলৰ ৷

বঙাইগাঁৱত মধ্যহ্ন ভোজনৰ ধন আত্মসাৎ প্ৰধান শিক্ষয়িত্ৰীৰ

বঙাইগাঁও,16অক্টোবৰ : বঙাইগাওঁ জিলাৰ সৃজনগ্রাম শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং বালাৰচৰ প্রাথমিক বিদ্যালয়ত চলিছে অনিয়ম ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণা বৰ্মনে মধ্যাহ্ন ভোজনৰ নামত ধন আত্মসাৎ কৰাৰ লগতে বিদ্যালয়খনত থকা 6জন শিক্ষকে পাঠদানৰ নিয়ম নমনাৰ অভিযোগ একাংশ অভিভাৱকৰ ৷ ইফালে, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণা বৰ্মণে অভিভাৱকসকলৰ এই অভিযোগ নস্যাৎ কৰি কয়, ''মই গেলি পচি যোৱা চাউল নাই অনা, এন্দুৰে খাইছে চাউলখিনি '' ৷

অভিযোগ অনুসৰি, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীণা বৰ্মনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ ধন হৰলুকী কৰি ছাত্ৰ-ছাত্ৰীসকলক গেলি-পচি যোৱা চাউলৰ খিচিৰি খোৱাই আহিছে ৷

অভিভাৱকসকলৰ মত অনুসৰি, প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে দীৰ্ঘদিনৰ পৰাই এই কাৰ্য সংঘটিত কৰি আহিছে ৷ ইফালে,শিক্ষা বিভাগে প্রস্তুত কৰা খাদ্য তালিকাক অমান্য কৰি নিম্নমানৰ সামগ্ৰী ছাত্ৰ-ছাত্ৰীসকলক দিয়ে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে ৷ এতিয়া অভিভাৱকসকলৰ বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ অতি শীঘ্ৰে এই ঘটনাৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক অসুস্থ হোৱাটো নিশ্চিত বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ৷

Intro:বালাৰচৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ কেলেংকাৰী। প্ৰধান শিক্ষয়িত্ৰী ৰিণা বৰ্মণে নামানে শিক্ষা বিভাগৰ নীতি নিয়ম। অতিষ্ঠ অভিভাৱক। Body:বঙাইগাওঁ জিলাৰ সৃজনগ্রাম শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং বালাৰচৰ প্রাথমিক বিদ্যালয়ত মধ্যাণ্হ ভোজনৰ নামত বৰবিহ । প্রধান শিক্ষয়িত্ৰী ৰিনা বৰ্মনে মধ্যাণ্হ ভোজনৰ নামত খুৱাইছে গেলা পচা চাউলৰ খিচিৰি| একাংশ স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি আমাৰ সাংবাদিকৰ স্টিং অপাৰেচনত সকলো তথ্য ওলাই আহিছে| জানিব পৰামতে বহু দিনৰে পৰা নিজৰ স্কুলত ভুৱা ছাত্র-ছাত্রী দেখুৱাই মধ্যাণ্হ ভোজনৰ ধন হৰলুকি কৰি আহিছে প্রধান শিক্ষয়িত্ৰী ৰিনা বৰ্মনে| বিদ্যালয় পৰিচালনা সমিতিৰ লগত কোনো ধৰনৰ বুজাবুজি নকৰি খাদ্য তালিকাৰ নিয়মো নামানে প্ৰধান শিক্ষয়িত্ৰীয়ে| শিক্ষা বিভাগে প্রস্তুত কৰা খাদ্য তালিকাকো কেৰেপ নকৰে ৰিনা বৰ্মনে| বিদ্যালয়ত ৬ জন শিক্ষক আছে যদিও পাঠদানৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ। প্ৰধান শিক্ষয়িত্ৰী ৰিণা বৰ্মণৰ অতপালিত অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হব লক্ষণীয়।Conclusion:প্ৰধান শিক্ষয়িত্ৰীৰ মন্তব্য
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.