চিৰাং,১৮ মাৰ্চ: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈ আহিছে বঙাইগাঁও সমষ্টি । প্ৰতিটো দলে দৃষ্টি ৰাখিছে এই সমষ্টিত । সমষ্টি দখলৰ লক্ষ্যৰে বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে মনোনয়ন পত্ৰ দাখিল কৰে । মহাজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে ।
মনোনয়নৰ পূৰ্বে শতাধিক কংগ্ৰেছ কৰ্মীয়ে বাইক ৰেলীৰ জৰিয়তে প্ৰাৰ্থীগৰাকীক সমৰ্থন জনোৱা দেখা যায় । ইফালে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় যোৱা বিধানসভা নিৰ্বাচনত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে পৰাজিত হৈছিল ।
মনোনয়ন দাখিল কৰি ৰায়ে সাংবাদিকক জনোৱা মতে এইবাৰ ৰাইজে বিবেক ভোট দিব । বিগত ৩৫ বছৰে সমষ্টিৰ কোনো উন্নয়ন হোৱা নাই সেয়ে ৰাইজে এইবাৰ পৰিৱৰ্তন আৰু উন্নয়ন বিচাৰিছে বুলিও দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।
লগতে পঢ়ক: বিজেপিৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে সৰভোগ: ৰণজিৎ কুমাৰ দাস