বঙাইগাঁও,12জুলাইঃ কৃষক নেতা অখিল গগৈকে ধৰি আন তিনি নেতাক মুক্তিৰ দাবীত দেওবাৰে বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
সাপ্তাহিক লক ডাউনৰ মাজতে এই কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মুক্তিৰ কুৰিৰো অধিক কৰ্মীয়ে সদৰ চহৰখনৰ বৰপাৰাত এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইপিনে আৰক্ষীয়ে কৃষক মুক্তিৰ জিলা সভাপতি মহীধৰ ৰায় আৰু সাধাৰন সম্পাদক নন্দন দেব নাথকে ধৰি 30 প্ৰতিবাদীক গ্ৰেপ্তাৰ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰেমী যুৱ সমাজেও অংশগ্ৰহণ কৰে ৷