ETV Bharat / state

চলিত মাহতেই কৃষক মুক্তিয়ে গঠন কৰিব ৰাজনৈতিক দলঃ ভাস্কো ডি শইকীয়া - উচ্চস্থৰীয় গুৰুত্বপূৰ্ণ সভা

বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল গঠন সন্দৰ্ভত উচ্চস্থৰীয় নাগৰিক সভা। যদি ৰাজনৈতিক দল গঠন হয় তেন্তে লক্ষ্য উদেশ্য কেনে হোৱা উচিত ? অসমৰ জলন্ত সমস্যাবোৰ কেনেকৈ সমাধা কৰিব ? নাম কি হ’ব ? ইত্যাদি বিষয়ে আলোচনা হয় আজিৰ এই সভাত ৷

Bongaigaon KMSS high level meeting
চলিত মাহতেই কৃষক মুক্তিয়ে গঠন কৰিব ৰাজনৈতিক দলঃ ভাস্কো ডি শইকীয়া
author img

By

Published : Sep 23, 2020, 8:50 PM IST

বঙাইগাঁও,23 ছেপ্তেম্বৰঃ বঙাইগাৱঁত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ উদ্যাগত নাগৰিক সভা ৷ বঙাইগাঁও সদৰৰ বৰপাৰাস্থিত হোটেল চিকেত ৰাতিপুৱা ১১ বজাৰ পৰা অনুষ্টিত হয় এই উচ্চস্থৰীয় গুৰুত্বপূৰ্ণ সভা । নামনি অসমৰ মুঠ দহ খন জিলাৰ বিশিষ্ট ব্যক্তি, সমাজসেৱক, বুদ্ধিজীৱি, শিক্ষাবিদ, শিল্পীসমাজৰ লোক সকলক লৈ উচ্চস্থৰীয় গুৰুত্বপূৰ্ণ সভাখন অনুষ্ঠিত হয় ৷

চলিত মাহতেই কৃষক মুক্তিয়ে গঠন কৰিব ৰাজনৈতিক দলঃ ভাস্কো ডি শইকীয়া

২০২১ৰ বিধানসভা নিৰ্বাচনত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন, তথা CAA বিৰোধী ছাত্ৰ সংগঠন, শিল্পী সমাজ ঐক্যবদ্ধ হৈ এক আপোচবিহীন বিকল্প ৰাজনৈতিক দল গঠন কৰাটো কিমানদূৰ যুক্তিসংগত হ’ব সেই লৈ বিষদ ভাৱে আলোচনা কৰা দেখা যায় ৷ যদি ৰাজনৈতিক দল গঠন হয় তেন্তে লক্ষ্য উদেশ্য কেনে হোৱা উচিত ? অসমৰ জলন্ত সমস্যাবোৰ কেনেকৈ সমাধা কৰিব ? নাম কি হ’ব ? ইত্যাদি বিষয়ে আলোচনা হয় আজিৰ এই সভাত ৷

উল্লেখযোগ্য যে, নামনি অসমৰ জিলাকেইখনৰ বিশিষ্ট বুদ্ধিজিৱি, সমাজকৰ্মী সকলোকে আমন্ত্ৰণ জনাই কেন্দ্ৰীয় সমিতিয়ে সু-দিহা পৰামৰ্শ বিচাৰি বুধবাৰে বঙাইগাঁৱলৈ আহিছিল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ ভাস্কো ডি শইকীয়া, ৰাতুল হুছেইন, মানস কোঁৱৰ, মুকুট ডেকা, মুখ‍্য উপদেষ্টা হুছেইন মহম্মদ চাহজাহনকে আদি কৰি বহু লোক উপস্থিত থাকে এই আলোচনা সভাত ।

লগতে পঢ়কঃ ৰাজ্যজুৰি চি আই টি ইউৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.