বঙাইগাঁও, 1 ফেব্ৰুৱাৰী : ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰৰ Corporate Social Responsibility (CSR) অৰ্থাৎ সামাজিক দায়বদ্ধতা শিতানৰ জৰিয়তে বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ বিভিন্ন ধৰণৰ আচঁনি গ্ৰহণ কৰি আহিছে | উক্ত আঁচনি সমূহৰ যোগেদি বঙাইগাঁও জিলাৰ জনসাধাৰণে বিভিন্ন ধৰণে উপকৃত হৈ আহিছে । বঙাইগাঁও শোধনাগৰৰ উন্নয়নমূলক এনে কাৰ্যৰ লগত সংগতি ৰাখি সোমবাৰে বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত সামাজিক দায়বদ্ধতা শিতানৰ যোগেদি বঙাইগাঁও জিলাৰ ৩৩ খন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়কে ধৰি মুঠ ৬১টা কম্পিউটাৰ সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ মাজত স্থানীয় গান্ধী ময়দানৰ পৰা বিতৰণ কৰা হয় ।
![Bongaigaon IOCL BGR computer distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-06-bongaigaonioclbgrcomputerdistribution-pht-10012_01022021191249_0102f_1612186969_1100.jpg)
ইয়াৰ ভিতৰত ১০ টা কম্পিউটাৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰি বাকী থকা কম্পিউটাৰ সমূহ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা বিতৰণ কৰা হয় । আজিৰ এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত পংকজ চামুৱাই । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিক ভাবে কম্পিউটাৰ সমূহ বিতৰণ কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্রী ফণী ভূষণ চৌধুৰীৱে ।
![Bongaigaon IOCL BGR computer distribution](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-06-bongaigaonioclbgrcomputerdistribution-pht-10012_01022021191249_0102f_1612186969_574.jpg)
অনুষ্ঠানত সভাপতিত্ব কৰে জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াই । কম্পিউটাৰ বিতৰণ সন্দৰ্ভত মন্ত্রী চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে, বঙাইগাঁও জিলাখন নতুনকৈ গঢ়ি উঠা এখন জিলা । এই জিলাৰ আন্তঃ উন্নয়নৰ বাবে বঙাইগাঁও শোধনাগাৰে জিলাখনত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে | মন্ত্ৰী চৌধুৰীয়ে ইয়াৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষৰ শলাগ লয় আৰু আগলৈও জিলাখনৰ উন্নয়নৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্রত সহায় সহযোগিতা কৰি যাব বুলি আশা ব্যক্ত কৰে ।
লগতে পঢ়ক: অৰুণাচলৰ ৰেহ উৎসৱত গোৰ্খা ৰেজিমেন্টৰ প্ৰখ্যাত খুকৰী নৃত্য