বঙাইগাঁও, 6 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান দখল কৰি বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াইছে বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল(ইংৰাজী মাধ্যম)ৰ ছাত্ৰী প্ৰেৰনা ডেকাই । ৰেল আৰক্ষীৰ উপ পৰিদৰ্ষক দিগম্বৰ ডেকা আৰু ৰেল বিভাগৰ জেষ্ঠ কেৰানি বন্দনা দাসৰ প্ৰথমা কন্যা প্ৰেৰনা ডেকাৰ সাফল্যত উৎফুল্লিত পৰিয়াল ৷ গণিত আৰু ঐচ্ছিক গণিতত 100 শতাংশ নম্বৰ লাভ কৰা প্ৰেৰনাই মুঠ ৫৮৪ নম্বৰ লাভ কৰিছে ।
ফলাফল ঘোষনাৰ পিচতে বঙাইগাঁও হায়াৰ ছেকণ্ডাৰী স্কুল(ইংৰাজী মাধ্যম)ৰ অধ্যক্ষ আব্দুল মান্নান, বঙাইগাঁও চহৰ বিজেপিৰ সভাপতি প্ৰদীপ ঘোষ, বঙাইগাঁও জিলা উপায়ুক্ত ডা°এম এছ লক্ষ্মিপ্ৰিয়াই প্ৰেৰনাক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই সময়ছোৱাত কিন্তু চাকৰি সূত্ৰে বাহিৰত কৰ্মৰত হৈ আছে প্ৰেৰনাৰ পিতৃ ৷
লগতে পঢ়কঃ নৱম স্থানৰে জিলিকিল দৰঙৰ ভৃগুমোহন কুমাৰ
পিতৃ-মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাৰ বাবে আজি এই ফল লাভ কৰা বুলি জনাই প্ৰেৰনাই ৷ আনহাতে বিদ্যালয়ৰ অধ্যক্ষ আব্দুল মান্নানে কয় যে প্ৰেৰনা ডেকা সকলো বিষয়তে আগবঢ়া আছিল আৰু শিক্ষক সকলে পূৰ্বৰ পৰাই আশা কৰিছিল । উল্লেখ্য যে, বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল(ইংৰাজী মাধ্যম)ৰ মুঠ ১১৩ জন ছাত্ৰ-ছাত্ৰীৰ মাজত ১০৯ জন প্ৰথম বিভাগত ৪ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ।