বঙাইগাঁও,12 ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত সোনালী বান্দৰৰ ভূমিত অঘটন । বুধবাৰে বিয়লি ৫ বজাত উজান ৰাভাপাৰাত বিদ্যুতস্পৃষ্ট হৈ পোৱালী থকা এজনী মাইকী সোণালী বান্দৰৰ মৃত্যু হয় । এই মৰ্মান্তিক দৃশ্য বন্দী হ'ল কেমেৰাত। মৃত মাতৃক আঁকোৱালি লৈ পোৱালিটোৰ কৰুণ চিঞৰ। তাৰ পিচতে বন বিভাগে মৃত বান্দৰ জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বঙাইগাঁও জিলা আছুৰ সম্পাদক জ্যোতি শংকৰ চৌধুৰীয়ে কয় যে আপুৰুগীয়া এই সোণালী বান্দৰৰ মৃত্যুত আমি দুখ প্ৰকাশ কৰিছো । তেওঁ বন বিভাগ আৰু শক্তি বিভাগক দাবী জনায় যে কাকৈজানা সংৰক্ষিত এলেকাত বিদ্যুতৰ তাঁৰ সমূহ কভাৰসহ লগাবলৈ যাতে দুনাই কোনো সোণালী বান্দৰ এইদৰে বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হ'বলগীয়া নহয় ।
লগতে চাওকঃৰাজ্যত অচিৰেই বন্ধ হ'ব সংস্কৃত টোল আৰু মাদ্ৰাছা : হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা