বঙাইগাঁও, ২৩ ডিচেম্বৰ: মঙলবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংলগ্ন কৰা হ'ল মাতৃ আৰু শিশুৰ বাবে এটি পৃথক কোঠা । শিশুক দুগ্ধপান কৰোৱাৰ ব্যৱস্থা থকাৰ লগতে,কেঁচুৱাক শুৱাবলৈ বিচনাৰ ব্যৱস্থাও কৰা হৈছে এই নতুন কোঠাটোত । উপায়ুক্তৰ কাৰ্যালয়ত নতুনকৈ সংলগ্ন কৰা এই কোঠাটোক 'পখিলা' নামেৰে নামাকৰণ কৰা হৈছে ।
মঙলবাৰে জিলা উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্ৰিয়াই 'পখিলা' নামৰ নতুন কোঠাটো উদ্বোধন কৰে । শিশু আৰু মহিলাই জিৰণি লোৱাৰ সকলো ব্যৱস্থা উপলব্ধ কৰা হৈছে আছুতীয়া কোঠাটোত । শিশুৱে খেলিবলৈ কিছু সামগ্ৰীও ৰখা হৈছে পখিলা নামৰ কোঠাটোত ।
নানা ধৰণৰ কাৰ্টুনৰ চৰিত্ৰ,পখিলা আদিকে ধৰি শিশুক আকৰ্ষিত কৰিব পৰা চিত্ৰ অংকণ কৰা হৈছে কোঠাটোৰ দেৱালত । বিশেষকৈ মহিলাসকলে উপায়ুক্ত কাৰ্যালয়লৈ আহি যাতে কোনো সমস্যাৰ সন্মুখীন নহয়,তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ।
লগতে তেওঁ কয় যে,যিসকল স্বামী-স্ত্ৰী উভয়ে উপায়ুক্ত কাৰ্যালয়ত কাম কৰে তেওঁলোকে কৰ্তব্যৰ সময়চোৱাত নিজৰ কণমানি সন্তানকো ৰাখিব পাৰিব এই 'পখিলা'নামৰ কোঠাটোত ৷ এতিয়া সকলোৱে উপায়ুক্তগৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ প্ৰেৰণ