চিৰাং,13 এপ্ৰিল: বঙাইগাঁৱত মঙলবাৰে পুনৰ ১০ গৰাকীৰ দেহত ধৰা পৰিছে ক'ভিড-19 । তাৰ মাজতে বঙাইগাঁৱৰ ৬ নং ৰসিগাঁও বাহিৰা ছেংমাৰী প্ৰাথমিক বিদ্যালয় ১০ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে ৷ বিদ্যালয়খনৰ এগৰাকী শিক্ষকৰ দেহত সোমবাৰে ধৰা পৰিছিল ক'ভিড-19 । তৰুণ চন্দ্ৰ নাথ নামৰ শিক্ষক গৰাকী সম্প্ৰতি হোম কোৱাৰেণ্টাইন হৈ আছে আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো মঙলবাৰে ক'ভিড টেষ্ট কৰা হয় ৷
ইপিনে চিৰাঙত মঙলবাৰে তিনিজনৰ দেহত ক’ভিড-19 ধৰা পৰে । সম্প্ৰতি তিনিগৰাকী কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইয়াকে লৈ জিলাখনত এতিয়ালৈ ২৭ গৰাকীৰ দেহত ক’ভিড-19 ধৰা পৰিছে । ইয়াৰে ২০ গৰাকীক হোম কোৱাৰেণ্টাইন কৰাৰ লগতে ৭ গৰাকী কাজলগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
লগতে পঢ়কঃ গোলাঘাটত প্ৰথম পৰ্যায়ৰ টীকাকৰণ