ETV Bharat / state

বঙাইগাঁৱত অনুষ্ঠিত হ'ল পৃষ্ঠাপ্ৰমুখ সন্মিলন - বিজেপি চৰকাৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে সমষ্টিয়ে সমষ্টিয়ে নিযুক্তি দিছে পৃষ্ঠাপ্ৰমুখ । বঙাইগাঁৱতো অনুষ্ঠিত হ'ল বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন । এই সন্মিলনত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে ।

বঙাইগাঁৱত অনুষ্ঠিত হ'ল পৃষ্ঠাপ্ৰমুখ সন্মিলন

author img

By

Published : Feb 5, 2021, 3:53 PM IST

বঙাইগাঁও, ৫ ফেব্ৰুৱাৰী: বিজেপি চৰকাৰৰ শাসনকালত হোৱা উন্নয়নমূলক কামৰ খতিয়ান ৰাইজৰ মাজত দাঙি ধৰি দলটোৰ প্ৰতি ৰাইজক আকৃষ্ট কৰাৰ বাবে গেৰুৱা দলটোৱে নিযুক্তি দিছে প্ৰায় ৪ লাখ ৫০ হাজাৰ গৰাকী পৃষ্ঠাপ্ৰমুখ । বৃহস্পতিবাৰে বঙাইগাঁৱতো অনুষ্ঠিত হয় বিজেপিৰ সমষ্টি ভিত্তিক পৃষ্ঠাপ্ৰমুখ সন্মিলন । বীৰঝৰাস্থিত ৰাজহুৱা পুথিভঁৰালত অনুষ্ঠিত এই সন্মিলনত প্ৰায় ১,৫০০ গৰাকী পৃষ্ঠাপ্ৰমুখে অংশ লয় ।

অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী উপস্থিত থাকে । অনুষ্ঠানৰ শেষত তেওঁ সাংবাদিকৰ আগত কয় যে, বৰ্তমানলৈকে ৰাইজৰ পৰা দলটোৱে লাভ কৰা সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে বিধানসভা নিৰ্বাচনত ১০০ খনৰো অধিক আসন লাভ কৰি জয় লাভ কৰিব । লগতে মুখপাত্ৰগৰাকীয়ে কমল কুমাৰ মেধিকো তীব্ৰ সমালোচনা কৰে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা প্ৰসংগত কয় যে, বিজেপিয়ে এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰিৱৰ্তে ৰাইজে নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব ।

বঙাইগাঁৱত অনুষ্ঠিত হ'ল পৃষ্ঠাপ্ৰমুখ সন্মিলন

লগতে অখিল গগৈয়ে অসমৰ যুৱকক মাওবাদী প্ৰশিক্ষণৰ গ্ৰহণৰ বাবে পঠিয়াইছিল বুলিও সমালোচনা কৰে ৰূপম গোস্বামীয়ে । সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰ্তমান ৰাজনৈতিক সংগঠন হৈ পৰিছে বুলিও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ।

লগতে পঢ়ক:ঊষাৰাণী চেলেঙলৈ অসম লেখিকা সন্থাৰ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.