চিৰাং, 7 অক্টোবৰ : বুধবাৰে ৰাতিপুৱা ৪ বজাত বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বঙাইগাঁও চহৰৰ বি অ’ চি গেট অঞ্চলৰ অক্ষয় টেলি কমিউনিকেচনৰ কাৰ্যালয়টো ছীল কৰে । ৰাজ্যত সংঘটিত হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খাইছিল বঙাইগাঁৱৰ অক্ষয় টেলি কমিউনিকেচন নামৰ কোম্পানীটোৰ কাৰ্যালয় ছীল কৰা হয় । এই নিযুক্তি কেলেংকাৰীত বঙাইগাঁৱৰ কোম্পানীটোৰ মালিক আখীয়া চান্দ আৰু ইয়াৰ এজন কৰ্মচাৰী ৰুবুল হাজৰিকাৰ নামো সাঙোৰ খাইছে । দুয়োজনেই সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আৰক্ষীয়ে যোৱা নিশা ১২ বজাৰ পিচত দুয়োজনৰ ঘৰত তালাচী চলাইছিল । তেওঁ লোকক পোৱা নাছিল আৰক্ষীয়ে। কাৰ্যালয় ছীল কৰাৰ সময়ত এজন কৰ্মচাৰীকো আটক কৰে আৰক্ষীয়ে । এই বিষয়ে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক জনৰ সৈতে যোগাযোগ কৰাত জনায় যে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত এইটো কাৰ্যালয় ছীল কৰা হৈছে । আনেকি আটক কৰা ব্যাক্তিজনৰো নাম জানিব পৰা হোৱা নাই । মুঠতে এই বিষয়ে কোনো পধ্যেই মুখ খোলা নাই আৰক্ষীয়ে । কাৰ্যালয়টো ছিল কৰাৰ সময়ত কিছু নথি আৰক্ষীয়ে উদ্ধাৰ কৰাৰ কথাও জানিব পৰা গৈছে ।
![Bongaigaon Akshay communication sealed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-bongaigaonakshaycommunicationsealed-vis-10012_07102020174901_0710f_1602073141_542.jpg)
যোগান মন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ বঙাইগাঁৱৰ ব্যৱসায়ীৰ নাম সাঙোৰ খোৱাত বঙাইগাঁও জিলাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । এই এচ আই নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত বঙাইগাঁৱৰ অক্ষয় টেলি কমিনিকেচনৰ তথ্য পোহৰলৈ আহিছে ৷ এই বিৰ্তকিত ব্যৱসায়ী জন বঙাইগাঁৱৰ বিধায়ক তথা যোগান মন্ত্ৰীৰ সোঁ হাত স্বৰূপ ৷ মন্ত্ৰী গৰাকীও এই কেলেংকাৰীত জড়িত হোৱাৰ সম্ভাৱনা কৰি তদন্তৰ আওতাত আনিবলৈ দাবী কৰে বঙাইগাঁওৰ কেইবাটাও সংগঠনৰ নেতা সকলে ৷ ন্যায়াধীশৰ তত্বাৱধানত চি বি আইৰ তদন্তৰ আওতাত এই অক্ষয় টেলি কমিনিউকেচনক আনিবলৈ দাবী কৰিছে বঙাইগাঁৱৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দন দেৱ নাথ আৰু সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৷
বঙাইগাঁও জিলা কৃষক মুক্তিৰ সম্পাদক নন্দন দেৱনাথে আজি আৰক্ষীয়ে কাৰ্যালয়টো ছিল কৰা কাৰ্যক আদৰণি জনোৱাৰ লগতে কয় যে, কেৱল ছিল কৰিলেই নহ’ব ইয়াৰ মালিক আখীয়া চান্দ আৰু ইয়াৰ সৈতে জড়িত ৰুবুল হাজৰিকা, চয়ন শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনায় । ইয়াৰ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰীকো তদন্তৰ আওতাত আনিবলৈ দাবী উত্থাপন কৰে অন্যথা এয়া তদন্তৰ নামত ভেকোভাওনা হ’ব বুলিও কয়। এই সকলৰ বিৰুদ্ধে তদন্ত মৰ্মে বিহিত ব্যৱস্থা ল’লেহে শিক্ষিত নিৱনুৱা সকলে ন্যায় পাব বুলি কয় কৃষক নেতা নন্দন দেৱনাথে । সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই দাবী কৰে যে, অসম আৰক্ষীয়ে কাৰ্যালয়টো ছীল কৰি প্ৰমাণ কৰিলে যে এই কোম্পানীটো জড়িত ।
![Bongaigaon Akshay communication sealed](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-bongaigaonakshaycommunicationsealed-vis-10012_07102020174901_0710f_1602073141_251.jpg)
অসম আৰক্ষীৰ এচ আই নিয়ুক্তিৰ কেলেংকাৰী তদন্তৰ নামত ভেকোভাওনা হোৱাৰ অভিযোগ তুলি প্ৰকৃত দোষী, ৰৌ-বৰালীক গ্ৰেপ্তাৰ নকৰি কেইজন মান যুৱকক গ্ৰেপ্তাৰ কৰি দায় সাৰিব খুজিছে এইখন বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ৷ ইয়াৰ তদন্ত যদি ভালদৰে হয় তেন্তে ইয়াৰ সৈতে অসম চৰকাৰৰ নেতা-মন্ত্ৰী জড়িত থকাৰ তথ্য পোহৰলৈ অহাটো নিশ্চিত বুলিও দাবী কৰিছে বহু দল সংগঠনৰ নেতৃত্বই । ইতিমধ্যে এই নিযুক্তি কেলেঙ্কাৰীৰ মাষ্টাৰ মাইণ্ড বুলি দাবী কৰা পি কে দত্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক : জাগীৰোড-কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ