ETV Bharat / state

দ্বি-খণ্ডিত আক্ৰাছু পুনৰ একত্ৰিত

বঙাইগাঁৱত আক্ৰাছুৰ যৌথ সভা, দ্বি-খণ্ডিত আক্ৰাছু একত্ৰিত ৷ জনজাতিকৰণৰ দাবীত পুনৰ তুংগত হৈ উঠিব আন্দোলন"- সংবাদমেলত এই ঘোষণা আক্ৰাছুৰ ।

author img

By

Published : Jul 9, 2019, 10:55 PM IST

দ্বি-খণ্ডিত আক্ৰাছু পুনৰ একত্ৰিত

বঙাইগাঁও,9জুলাইঃ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ সমাধানৰ স্বাৰ্থত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু মঙলবাৰে পুনৰ সংগঠিত হয় ৷ আক্ৰাছুৰ সমূহ প্ৰতিনিধিৰ উপস্থিতিত আৰু আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বুজাবুজিৰ মাধ্যমেৰে লগতে আগন্তুক দিনত জাতিৰ হকে নিঃস্বাৰ্থভাৱে সংগঠনৰ কাম সুচাৰুৰূপে চলাই নিয়াৰ সংকল্প লয় ৷ বৰ্ধিত সভাই অহা ২৯ জুলাইত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিগত লোকসভা নিৰ্বাচনত সংগঠনৰ নীতি উলংঘা কৰাৰ বাবে সংগঠনটোৰ উপ-সভাপতি মুকুল বৰুৱা, সাধাৰণ সম্পাদক গোকুল বৰ্মনক সংগঠনৰ পৰা নিলম্বন কৰা হৈছিল যদিও মঙলবাৰে অনুষ্ঠিত সভাই এই নিলম্বন প্ৰত্যাহাৰ কৰি গোকুল বৰ্মনক সাধাৰণ সম্পাদক হিচাপে বাহাল ৰাখে ৷ ইপিনে বৃহত্তৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় স্বাৰ্থত দ্বি-বিভক্ত আক্ৰাছু পুনৰ একত্ৰিত হোৱাত জনগোষ্ঠীটোৰ সকলো সদস্যই আদৰি লৈছে।

Intro:বঙাইগাঁৱত আক্ৰাছুৰ যৌথ সভা, দ্বি-খণ্ডিত আক্ৰাছু একত্ৰিত , জনজাতিকৰনৰ দাবীত পুনৰ তুংগত হৈ উঠিব আন্দোলন সংবাদমেলত ঘোষনা । Body: কোঁচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ সমাধানৰ স্বাৰ্থত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু আজি পুণৰ সংগঠিত হয় ৷ উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মূল কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা, সভাপতি আৰু উপ-সভাপতি, সাধাৰণ সম্পাদকৰ মাজত দ্বি-বিভক্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ বিগত পাঁচ জুলাইত সংগঠনটোৰ উপ- সভাপতি ক্ষিতীশ বৰ্মণ, প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ৰ উদ্যোগত দুটা পক্ষৰ মাজত চলি আভ্যন্তৰীণ বিষয়ৰ ওপৰত আলোচনা কৰি আজি আক্ৰাছু সহ চিলাৰায সেনা আৰু সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ৰাজ্যৰ সকলো জিলা সমিতিৰ তিনিও সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আৰু আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ সবাপতিত্বত বহা সভাই বিষয়টোৰ ওপৰত বিষদভাৱে আলোচনা কৰি বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰি আগন্তুক দিনত জাতিৰযহকে নিঃস্বাৰ্থভাৱে সংগঠনৰ সাংগঠনিক কাম সুচাৰুৰূপে চলাই নিয়াৰ সংকল্প লয় ৷ বৰ্ধিত সভাই অহা ২৯ জুলাইত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস বঙাইগাঁও৷চহৰৰ বৰপাৰাস্থিত মূখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বিগত লোকসভা নিৰ্বাচনত সংগঠনৰ নীতি উলংঘা কৰাৰ বাবে সংগঠনটোৰ উপ-সভাপতি মুকুল বৰুৱা, সাধাৰণ সম্পাদক গোকুল বৰ্মণক সংগঠনৰ পৰা নিলম্বন কৰা হৈছিল যদিও আজিৰ সভাই এই নিলম্বন প্ৰত্যাহাৰ কৰি গোকুল বৰ্মণক সাধাৰণ সম্পাদক হিচাপে বাহাল ৰাখে ৷ সাধাৰণ সম্পাদক গোকুল বৰ্মণে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অতিশীঘ্ৰে অসমৰ কোচৰাজবংশী সকলৰ লগতেস অন্য পাঁচ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাত জনগোষ্ঠী সমূহে জাঙুৰ কাই উঠিব লগা হয় ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতাৰ্থত যদি জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব খুজিছে তেনেহ'লে সোনকালে কৰক ৷ অন্যথা পুনৰাই আন্দোলন তুংগত হৈ উঠিব ৷

বাইট : ১। অৰুন কুমাৰ ৰায়, সভাপতি আক্ৰাছু।
২। গোকুল বৰ্মন, সাধাৰন সম্পাদক,আক্ৰাছু । Conclusion:বৃহত্তৰ কোঁচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতীয় স্বাৰ্থত দ্বি-বিভক্ত আক্ৰাছু আজি পুনৰ একত্ৰিত হোৱাত জনগোষ্ঠীটোৰ সকলো স্থৰৰ লোকে আদৰি লৈছে। সেয়ে আজি আক্ৰাছু নেতৃত্বই সংবাদ মেলযোগে জনগোষ্ঠীটোৰ জনজাতীকৰন আৰু অন্যান্য দাবীৰ সমৰ্থনত পুনৰ গণতান্ত্ৰিক ভাৱে কঠোৰ আন্দোলনৰ হুংকাৰ দিয়ে।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.