ETV Bharat / state

ছমাহৰ ভিতৰত মাৰোৱাৰীয়ে শিকিব লাগিব অসমীয়া : মাৰোৱাৰী সমাজৰ সিদ্ধান্ত

Marwari community : সকলো মাৰোৱাৰীয়ে ক'ব আৰু লিখিব লাগিব অসমীয়া ভাষা । প্ৰয়োজনত সহায় ল'ব অভিজ্ঞ শিক্ষকৰ ।

author img

By ETV Bharat Assamese Team

Published : 1 hours ago

Marwari community
ছমাহৰ ভিতৰত মাৰোৱাৰীয়ে শিকিব লাগিব অসমীয়া (ETV Bharat Assam)

দেৰগাঁও, ৭ অক্টোবৰ: বিগত কেইবামাহ ধৰি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমত মাৰোৱাৰী সমাজ আৰু খিলঞ্জীয়া লোকৰ মাজত চলা সংঘাত এতিয়া কিছু শাম কাটিছে । শিৱসাগৰত মাৰোৱাৰী সমাজে তামোল-পাণ শৰাইত লৈ ৰাইজৰ সন্মুখত আঠু লোৱাৰ পিছত এইবাৰ এই সম্প্ৰদায়টোৰ একাংশ লোকে গ্ৰহণ কৰিছে এক ইতিবাচক সিদ্ধান্ত । অসম আৰু অসমীয়াৰ স্বাৰ্থত অসমীয়া ভাষাটো শিকিবলৈ আহ্বান জনাইছে একাংশ সচেতন মাৰোৱাৰীয়ে ।

সমন্বয় প্ৰতিফলিত কৰাৰ ইতিবাচক সিদ্ধান্ত

সমগ্র ৰাজ্যত বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ে গ্ৰহণ কৰিছে সমন্বয় প্ৰতিফলিত কৰাৰ এক ইতিবাচক সিদ্ধান্ত । দেৰগাঁও মাৰোৱাৰী সম্প্ৰদায়ৰ একাংশ নেতৃস্থানীয় ব্যক্তিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত । দেৰগাঁৱত বসবাস কৰা মাৰোৱাৰী সম্প্ৰদায়ৰ শিশুৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী পুৰুষ-মহিলাক অসমীয়া ভাষা ক'ব আৰু লিখিবলৈ আহ্বান জনাইছে ।

অসমীয়া ভাষাটো শিকিবলৈ আহ্বান মাৰোৱাৰী সম্প্ৰদায়ৰ (ETV Bharat Assam)

ছমাহৰ ভিতৰত সকলোৱে শিকিব লাগিব অসমীয়া

ছমাহৰ ভিতৰত সকলো মাৰোৱাৰী লোকে ক'ব আৰু লিখিব পাৰিব লাগিব অসমীয়া ভাষা । এইক্ষেত্ৰত অসমীয়া মাধ্যমৰ অভিজ্ঞ শিক্ষকে প্ৰয়োজন হ'লে প্ৰদান কৰিব অসমীয়া ভাষাৰ জ্ঞান । দেৰগাঁৱৰ সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক থকা নেতৃস্থানীয় এইসকল লোকে অসমীয়া সমাজৰ সকলো স্তৰৰ লোকৰ সৈতে সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত গ্ৰহণ কৰিছে এই পদক্ষেপ ।

আগবাঢ়ি আহিছে মাৰোৱাৰী মহিলা সমাজো । অসমত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকক অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে দেৰগাঁৱৰ মাৰোৱাৰী সমাজে । দেৰগাঁৱৰ মাৰোৱাৰী সমাজৰ এই ইতিবাচক পদক্ষেপক আদৰণি জনাইছে দেৰগাঁও সাহিত্য সভাই ।

লগতে পঢ়ক:৫ দিনৰ ভিতৰত বেনাৰ হ’ব লাগিব অসমীয়াত : অনা-অসমীয়াক বিক্ৰী কৰিব নোৱাৰিব মাটি - Assamese Non Assamese Conflict

অট'চালকৰে সংঘাত : গোচৰ প্ৰত্যাহাৰ নকৰিলে মাৰোৱাৰী সমাজক বৰ্জনৰ সকীয়নি - Protest against Non Assamese

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.