ETV Bharat / state

অনলাইন নিৰ্বাচন: বাট কাটি দিলে কানৈ কলেজে

Online election: ছাত্ৰ ৰাজনীতিত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটাবলৈ ৰাজ্যৰ এখন মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ৷ অনলাইনত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিলে ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Online election
অনলাইনযোগে ছাত্ৰ একতা সভাৰ নিৰ্বাচন (ETV Bharat)

ডিব্ৰুগড়, ৭ অক্টোবৰ: ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত এতিয়া বলিছে নিৰ্বাচনী বতাহ ৷ কিয়নো উচ্চশিক্ষা প্ৰতিষ্ঠানসমূহত অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন । বহু মহাবিদ্যালয়ত শান্তিপূৰ্ণভাৱে নিবাৰ্চন অনুষ্ঠিত হৈছে যদিও দুই এখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ ৰাজনীতিক লৈ কিছু হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । ছাত্ৰ ৰাজনীতিৰ এই হিংসাত্মক ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বৌদ্ধিক মহল ।

ৰাজ্যৰ অধিকাংশ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক বিভিন্ন ঘটনা, পৰিঘটনা, নিৰ্বাচনী প্ৰচাৰৰ নামত লাখ লাখ টকা খৰচ, প্ৰতিটো চৌহদতে বেনাৰ-পোষ্টাৰেৰে ভৰি পৰা এক কোলাহলপূৰ্ণ পৰিবেশৰ বিপৰীতে সোমবাৰে ব্যতিক্ৰমী পৰিৱেশ দেখা গ'ল ৰাজ্যৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত ।

ছাত্ৰ ৰাজনীতিত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ অৱসান ঘটাবলৈ "ডিজিটেল মাধ্যম"ৰ সহায়ত ডিব্ৰুগড়ৰ হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ একতা সভাৰ ২০২৪-২৫ বৰ্ষৰ নিৰ্বাচন অনলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰে । মনোনয়ন দাখিল, মনোনয়ন পত্ৰৰ পৰীক্ষণ, প্ৰচাৰ, ভোটদান আৰু ভোট গণনাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল মাধ্যমৰ জৰিয়তে পৰিচালনা কৰা হয় ।

পুৱাৰে পৰা বিয়লি ২ বজালৈ দহটা পদৰ বিপৰীতে অনুষ্ঠিত হ'ল অনলাইন ভোটদান প্ৰক্ৰিয়া । সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্টৰ উপস্থিতিত ম’ক প’লৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয় । পুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত মক প’ল অনুষ্ঠিত হোৱাৰ পিছতে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ ভোটদান কৰা হয় । মুঠ ৩৪০৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২৭৭৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ জৰিয়তে ভোটদান কৰে ।

ভোটদান সম্পূৰ্ণ হোৱাৰ পাছতেই ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত সভাপতি হিচাপে প্ৰাঞ্জল তাঁতী আৰু সাধাৰণ সম্পাদক হিচাপে চিন্ময় কলিতা নিৰ্বাচিত হয় । মহাবিদ্যালয়খনে বিগত কেইটামান বছৰৰ পৰা এইদৰে নিৰ্বাচন অনুষ্ঠিত কৰাত বিষয়টো ছাত্ৰ-ছাত্ৰী সকলেও আদৰণি জনাইছে ।

ডিজিটেল মাধ্যমেৰে ছাত্ৰ একতাৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ কি কয় অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ?

অনলাইন মোডৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আঁৰত মহাবিদ্যালয়খনৰ প্ৰধান উদ্দেশ্য আছিল সময়, ধন আৰু শ্ৰম ৰাহি কৰা ৷ লগতে নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ আৰু শান্তিপূৰ্ণ কৰি তোলা । এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সহযোগিতা আগবঢ়াইছে । ২০১৮ চনত মহাবিদ্যালয় ছাত্ৰ একতাৰ সভাই ডিজিটেল পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়, তাৰ পাছৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰি অহা হৈছে ।

উল্লেখ্য যে, ৰাজ্যৰ কোনো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ে আজিলৈকে অনলাইন পদ্ধতিৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই । এইক্ষেত্ৰত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ এই চিন্তা ব্যতিক্ৰম হিচাপে বিবেচিত হৈছে ।

ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিজয়ী প্ৰাৰ্থীসকল :

  1. সভাপতি- প্ৰাঞ্জল তাঁতি
  2. উপ-সভাপতি- স্বপ্ননীল নাথ
  3. সাধাৰণ সম্পাদক- চিন্ময় কলিতা
  4. সহ-সাধাৰণ সম্পাদক- চন্দন দত্ত
  5. আলোচনী সম্পাদক- গৌৰৱ চুতীয়া
  6. সমাজসেৱা সম্পাদক- অনন্যা দাস
  7. লঘু ক্ৰীড়া সম্পাদক- অনুৰাগ সোণোৱাল
  8. সংগীত সম্পাদক- ভুবন পেগু
  9. সাংস্কৃতিক সম্পাদক- ক্ৰমনিকা গগৈ
  10. শৰীৰচৰ্চা বিভাগৰ সম্পাদক- মনোৰঞ্জন গগৈ

লগতে পঢ়ক: অৱশেষত বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস বন্ধৰ নিৰ্দেশ প্ৰত্যাহাৰ

কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা - GU Election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.