ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত এজেৱাইচিপিৰ প্ৰতিবাদ - ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত এজেওৱাইচিপিৰ প্ৰতিবাদ

author img

By

Published : Feb 5, 2021, 8:04 PM IST

বঙাইগাঁও, ৫ ফেব্ৰুৱাৰী: পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে । ৰাজ্যজোৰা এই প্ৰতিবাদৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে বঙাইগাঁৱৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত এজেওৱাইচিপিৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত এজেওৱাইচিপিৰ প্ৰতিবাদ

প্ৰতিবাদস্থলীত প্ৰধানমন্ত্ৰী, পেট্ৰ'লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শীঘ্ৰেই পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে ৷ কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে এই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ বিফল হোৱা বুলি মন্তব্য কৰে ছাত্র সংগঠনটোৱে । উল্লেখ্য যে, ৰাজ্যত বিগত কেইবাদিন ধৰি অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য ৷

লগতে পঢ়ক:নগাঁৱৰ ধিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.