বঙাইগাঁও,১৮ ফেব্ৰুৱাৰী: বঙাইগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে সৰৱ তেওঁৰ এসময়ৰ সতীৰ্থ প্ৰভাদ বৈষ্ণৱ । অগপ দলৰ একালৰ জিলা সভাপতি প্ৰভাত বৈষ্ণৱে ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি সংবাদ মেল সম্বোধন কৰে । বঙাইগাঁও প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰে বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে । সংবাদমেলযোগে প্ৰভাত বৈষ্ণৱৰ অভিযোগ বিগত সময়চোৱাত একেৰাহে ৭ বাৰকৈ বঙাইগাঁৱৰ বিধায়ক হৈ কোনো উন্নয়ন নকৰিলে ফণীভূষণ চৌধুৰীয়ে । মন্ত্ৰীগৰাকীৰ একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতাৰ বাবে সমষ্টিটোত কোনো নতুন নেতাই আত্মপ্ৰকাশ কৰিব পৰা নাই বুলিও অভিযোগ তোলে প্ৰভাত বৈষ্ণৱে । সেয়ে দলে বলে অসম জাতীয় পৰিষদত যোগদান দিবলৈ আহ্বান জনাই সমষ্টিবাসীক । তেওঁ নিশ্চিত যে ইতিমধ্যে অগপ দলৰো বহু নেতা-কৰ্মী ফণীভূষণৰ কাৰ্যত অতিষ্ঠ হৈছে যাৰ বাবে অতি শীঘ্ৰে বহু লোকে অসম জাতীয় পৰিষদত যোগদান কৰিব ।
যোৱা প্ৰায় ৩৫ বছৰে সমষ্টিটোৰ কোনো উন্নয়ন হোৱা নাই বুলি অভিযোগ কৰাৰ লগতে তেওঁ কয় যে ফণীভূষণ চৌধুৰীৰ নেতৃত্বত সমষ্টিটোত বিভিন্ন দিশত লুণ্ঠনৰাজ চলি আছে । সমষ্টিটোৰ অন্তৰ্গত বিটিচি অঞ্চলৰ লোককো দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি অহাৰ তেওঁ অভিযোগ তোলে বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে । ইফালে এই সংবাদমেলত প্ৰভাত বৈষ্ণৱৰ লগতে অসম জাতীয় পৰিষদ দলৰ বঙাইগাঁও সমষ্টি সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । প্ৰাক্তন অগপ নেতা বিনয় ৰায় আৰু কৈলাশ পাঠকেও অংশগ্ৰহণ কৰে সংবাদমেলত ।
লগতে পঢ়ক:ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান নকৰে অসম জাতীয় পৰিষদে