ETV Bharat / state

সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত সৰৱ আমছু

author img

By

Published : Jun 23, 2020, 2:29 PM IST

ৰাজ্যৰ ভিন্ন স্থানত সংখ্য়ালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ খবৰে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে ৷ সম্প্ৰতি এই বিষয়টোৰ সন্দৰ্ভত সৰৱ ভূমিকা গ্ৰহণ কৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠনে উচিত তদন্তৰ দাবী জনাইছে ৰাজ্য চৰকাৰক ৷ বঙাইগাঁৱতো আমছুৱে এক সংবাদমেলৰ জৰিয়তে বিষয়টো উত্থাপন কৰি উচিত তদন্তৰ দাবী জনাইছে চৰকাৰক ৷

Bongaigaon AAMSU Central Pressmeet assam etv bharat news
আমছুৰ সংবাদমেল সম্বোধন

বঙাইগাঁও,23 জুন: বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত আমছুৰ বিষয়ববীয়াসকলৰ নেতৃত্বত মঙলবাৰে অনুষ্ঠিত হয় এক সংবাদ মেল । সংগঠনটোৱে সংখ‍্যালঘু ছাত্ৰ বৃত্তি সম্পৰ্কত সংবাদমেলখন সম্বোধন কৰে । ৰাজ্যত দীৰ্ঘদিনৰ পৰা সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছিল ৷ সংগঠনটোৱে বিষয় প্ৰসংগত অভিযোগ উত্থাপন কৰা অনুসৰি,ৰাজ্যৰ ভিন্ন জিলাত ভয়ানকভাৱে সংঘটিত হৈছে এই ছাত্র বৃত্তিৰ নামত কেলেংকাৰী । আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত শূন‍্য সহনশীল নীতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ তত্বাৱধানতে এই দুৰ্নীতি সংঘটিত হোৱা বুলি একপ্ৰকাৰ দাবী তোলে ৷

আমছুৰ সংবাদমেল সম্বোধন

বিগত 2014 চনৰ পৰাই ৰাজ্যত সংঘটিত হৈ আহিছে এই কেলেংকাৰী ৷ বৰ্তমান অসমৰ প্ৰায় প্ৰতিখন জিলাতে সংঘটিত হৈছে সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ ধনৰ কেলেংকাৰী । ইয়াৰ বাবে আমছুয়ে নগাঁও জিলাৰ জুৰীয়া আৰু গোলাঘাট জিলাত পৃথকে গোচৰ ৰুজু কৰাৰ পিছতো আজিকোপতি নহ’ল কোনো ধৰণৰ তদন্ত ৷ আমছুৰ সভাপতিগৰাকীয়ে সংবাদমেলখনত অসম চৰকাৰ,অসম সংখ‍্যালঘু উন্নয়ন ব’ৰ্ডক প্ৰত্যক্ষভাৱে দোষী সাব্যস্ত কৰি ইয়াৰ কোনো তদন্ত নকৰা বুলি অভিযোগ উত্থাপন কৰে ৷ সংগঠনটোৱে এই কেলেংকাৰীৰ চিবিআই তদন্ত দাবী কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় সংখ‍্যালঘু পৰিক্ৰমা মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদানৰ কথা প্ৰকাশ কৰে । ইয়াৰ পিছতো যদি চৰকাৰে কোনো ব‍্যৱস্থা গ্ৰহণ নকৰে তেন্তে শীঘ্ৰে উচ্চ ন‍্যায়ালয়ৰ দাৰস্থ হ’ব আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

সংখ‍্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে কেলেংকাৰী

লগতে চাওকঃ কৰ’ণাতংক:অনুষ্ঠিত নহ’ল মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.