বঙাইগাঁও, 26 ছেপ্টেম্বৰ: কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবৰ চহী, ছীল জালিয়াতিৰে 100 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কোচ-ৰাজবংশী জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰায়ৰ ৷ কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনে পৰিষদখনত চলি থকা কেলংকাৰীৰ সন্দৰ্ভত আৰু কেলংকাৰীত পৰিষদৰ বাহিৰৰ ব্যক্তি জড়িত থকা বুলি বিস্ফোৰক অভিযোগ আনিছিল ৷ তাৰ পাচতে সোমবাৰে অভয়াপুৰীত সংবাদমেল আয়োজন কৰি কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মনেৰ বিৰুদ্ধে সৰৱ হ’ল বিশ্বজিৎ ৰায় ৷
তেওঁ কয়, ‘‘কাৰো হুংকাৰ, ধমকত আমি ভয় নাখাওঁ ৷ মোৰ বিৰুদ্ধে আদালত দ্বাৰস্থ হোৱাৰ কথাটোক মই আদৰণি জনাইছোঁ ৷ যেতিয়াই মোৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব তেতিয়াই সকলো ৰহস্য ওলাই পৰিব ৷ পৰিষদলৈ অহা 22 কোটি টকা ক’ত কেনেকৈ খৰচ কৰিলে সকলো দিব লাগিব ৷ কামতাপুৰ স্বায়ত্তশাসিত পৰিষদখন কেইজনমান লোকে লুটি-পুতি খাবলৈ অসম চৰকাৰে গঠন কৰিল ৷ সমগ্ৰ কোচ ৰাজবংশীলোকৰ আন্দোলনৰ ফলত কামতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পাইছিলো ৷ কেইজনমান লোকৰ বাবে নহয় এই পৰিষদ ৷’’
‘‘কামতাপুৰ স্বায়ত্তশাসিত পৰিষদত হোৱা কেলেংকাৰীত বাহিৰৰ লোক ষড়যন্ত্ৰ জড়িত আছে বুলি কোৱা কথা কিমান যুক্তিসংগত ! কাৰণ পৰিষদৰ মূৰব্বীসকল ঘৰ চিৰাং আৰু কোকৰাঝাৰত ৷ সেই অঞ্চল বিটিচিৰ এলেকাত পৰে ৷ তেতিয়া হ’লে তেওঁলোকে বহিৰাগত হ’ল ৷ পৰিষদ গঠনৰ পূৰ্বে তেওঁলোকৰ ঘৰ-মাটি, ভোট নাছিল অবিভক্ত গোৱালপাৰাত ৷ কিন্তু এক ৰাতিৰ ভিতৰতে কমতাপুৰত ঘৰ-বাৰী, ভোটাৰ থকা দেখুৱাই পাৰিষদৰ বিষয়ববীয়া হৈ আছে ৷ তেওঁলোকে ‘পাম’ খাবলৈ হে আহিছে ৷ কে এ চিৰ প্ৰধান সচিবৰ চহী, ছীল মোহৰ জালিয়াতি কৰি 100 কোটি ৱৰ্ক অৰ্ডাৰ দিয়াত তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি !’’ এই দৰে কামতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিবৰ লগতে পাৰিষদসকলৰ বিৰুদ্ধে সৰৱ হ’ল বিশ্বজিৎ ৰায়ে ৷
লগতে পঢ়ক:All India Democratic Womens Association:নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অৱস্থান ধৰ্মঘট