বঙাইগাঁও,11 জানুৱাৰী : ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন বাকী ৷ ৰাজ্যজুৰি ভোগালীক লৈ পাৰভঙা উছাহ ৷
বঙাইগাঁৱৰ জলাখাতা গাঁৱতো মেজি সজোৱাত ব্যস্ত হৈ পৰিছে গাঁওবাসী ৷ ডেকাসকলৰ লগতে উঠি পৰি লাগিছে আৱাল, বৃদ্ধা, বনিতাও । সকলোৱে একেলগে মিলি মেজিৰ লগতে পিঠা, লাৰু আদি বনোৱাত ব্যস্ত হৈ পৰিছে ।
অঞ্চলটোৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াব দুমহলীয়া ঘৰৰ আকৃতিৰ মেজি ।ক’ৰণাৰ ভয়াৱহতাৰ পাচতে অঞ্চলটোৰ ডেকা-গাভৰু সকলো ব্যস্ত হৈ পৰিছে সমজুৱাভাৱে মেজি সজোৱাত । উৰুকাৰ দিনা মাছে-মঙহে সকলোৱে মিলি এসাজ খাব বুলিও কঁকালত টঙালি বান্ধিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক : আমগুৰিৰ জাপিসজীয়া গাঁৱত গ্ৰামাঞ্চলৰ গৃহৰ আৰ্হিৰ ভেলাঘৰ