ETV Bharat / state

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত 25 কেজি গাঞ্জা জব্দ - জেল্কাঝাৰ

বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিছে গাঞ্জাৰ ৰমৰমীয়া বেহা ৷ জিলাখনৰ উপ-আৰক্ষী অধীক্ষক অমৃত ৰাজ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত জেল্কাঝাৰৰ বণমালী সৰকাৰৰ ঘৰৰ পৰা জব্দ কৰে ২৫ কিলোগ্ৰামতকৈ অধিক গাঞ্জা জব্দ ৷

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত 25 কেজি গাঞ্জা জব্দ

author img

By

Published : May 22, 2021, 7:07 PM IST

বঙাইগাঁও, 22 মে' : সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাৰ আতংকই বিৰাজ কৰিছে ৷ কৰ‘ণাৰ দ্বিতীয়টো ঢৌ'ত ৰাজ্যত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ কৰ’ণা আৰু আংশিক লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশই ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো চলাই গৈছে গাঞ্জাৰ ৰমৰমীয়া বেহা ৷

বঙাইগাঁৱত আৰক্ষীৰ অভিযানত 25 কেজি গাঞ্জা জব্দ

ক্ৰমান্বয়ে গাঞ্জাৰ বৃহৎ ঘাটিত পৰিণত বঙাইগাঁও জিলা ৷ বিগত সপ্তাহটোত বঙাইগাঁৱৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে অভিযান চলাই এক কুইন্টলতকৈ অধিক পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে ৷ বৰ্তমান জিলা খনৰ গাঁৱে-ভূয়ে ৰমৰমীয়া ব্যৱসায় চলিছে নিচা জাতীয় সামগ্ৰীৰ ৷

শুকুৰবাৰে নিশা গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও উপ-আৰক্ষী অধীক্ষক অমৃত ৰাজ চৌধুৰীৰ নেতৃত্বত চলা অভিযানত চহৰখনৰ গাতে লাগি থকা জেল্কাঝাৰৰ বণমালী সৰকাৰৰ ঘৰৰ পৰা জব্দ কৰে ২৫ কিলোগ্ৰামতকৈ অধিক গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ অভিযানৰ খবৰ পায় পলায়ন কৰিবলৈ সক্ষম হয় অবৈধ ব্যৱসায়ী বণমালী সৰকাৰ ৷

লগতে পঢ়ক : আগৰতলা প্ৰেছক্লাবত টীকাকৰণ শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.