ETV Bharat / state

প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আৰ্থ ৰেঞ্জাৰৰ বাইক ৰেলী

author img

By

Published : Oct 28, 2021, 5:07 PM IST

বুধবাৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাইক ৰেলী আৰম্ভ কৰিছে বেচৰকাৰী সংস্থা আৰ্থ ৰেঞ্জাৰে । প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই যাত্ৰা আৰম্ভ কৰিছে সংস্থাটোৰ সদস্যসকলে ।

Awareness Bike Rally from Manas National Park
প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আৰ্থ ৰেঞ্জাৰৰ বাইক ৰেলী

অভয়াপুৰী, ২৮ অক্টোবৰ : পৰিৱেশৰ লগতে সকলো জীৱৰ সুৰক্ষাৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ বাবে বেচৰকাৰী সংস্থা আৰ্থ ৰেঞ্জাৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে । সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বুধবাৰৰ পৰা বাইক ৰেলী আৰম্ভ কৰিছে সংস্থাটোৱে । বুধবাৰে মানস ব্ৰাঘ্য প্ৰকল্পৰ পৰা যাত্ৰা আৰম্ভ কৰে । অধিক বৃক্ষৰোপণ কৰিবলৈ, পৰিৱেশ প্ৰদূষণ মুক্ত কৰা, প্ৰকৃতি সংৰক্ষণ, সকলো জীৱ জীয়াই থাকিব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ এই বাইক ৰেলীৰ জৰিয়তে আৰ্থ ৰেঞ্জাৰে আহ্বান জনাইছে ।

আৰ্থ ৰেঞ্জাৰৰ ৮ গৰাকী সদস্যই এই ৰেলীত অংশ লৈছে । পবিতৰা অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আদি পৰিভ্ৰমণ কৰিব দলটোৱে । মানস ৰাষ্ট্ৰীয় উদ্যানতে এই সাতদিনীয়া বাইক ৰেলীৰ অন্ত পৰিব । সংস্থাটোৰ সদস্যসকলে জনোৱা মতে, প্ৰকৃতি ৰক্ষণাবেক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি গঠন কৰা হৈছিল এই আৰ্থ ৰেঞ্জাৰ নামৰ বেচৰকাৰী সংস্থাটো গঠন কৰা হৈছিল ।

পোনপ্ৰথমবাৰৰ বাবে প্ৰকৃতিৰ সংকটত মানৱ জীৱন বিপদাপন্ন শীৰ্ষক বাৰ্তা লৈ অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে । প্ৰকৃতিৰ সুৰক্ষাৰ ক্ষেত্ৰত সময় থাকোতেই সকলো সজাগ হ'ব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে ।

২০১২ চনত প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯ প্ৰজাতিৰ প্ৰাণী আৰু ২৬৫৫ প্ৰজাতিৰ উদ্ভিদক বিপন্ন আখ্যা দি অন্তৰ্ভুক্ত কৰা হৈছিল । ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে ১১০২ আৰু ১১৯৭ । ভাৰতৰ লগতে বিশ্বৰ বহু ৰাষ্ট্ৰই সেয়ে সংৰক্ষণ নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰনয়ণ কৰিছে । চিকাৰ নিষিদ্ধকৰণ আইন, বন্যপ্ৰাণী সুৰক্ষা আইন আদি আইন প্ৰনয়ণ কৰি বিভিন্ন প্ৰজাতিবোৰৰ সুৰক্ষা নিশ্চিত কৰিব বিচৰা হৈছে ।

কিন্তু দেশৰ জনসাধাৰণে নিজে সজাগ সচেতন নহ'লে এই আইন কেতিয়াও ফলপ্ৰসু হ'ব নোৱাৰে । সেয়ে, আৰ্থ ৰেঞ্জাৰে প্ৰকৃতিক সুৰক্ষিত কৰি মানৱ সভ্যতাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত সকলোকে এক হ'বলৈ আৰ্থ ৰেঞ্জাৰ আহ্বান জনাইছে । ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন ধুনীয়া পৃথিবী গঢ়ি থৈ যোৱাৰ সংকল্প লৈ প্ৰকৃতিক নিজৰ ধন-সম্পত্তিৰ দৰে সুৰক্ষিত কৰি ৰাখিবলৈও আহ্বান জনায় আৰ্থ ৰেঞ্জাৰে ।

লগতে পঢ়ক:যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল দলৰ বাচনি শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.